সৰুপথাৰ, ৫ মাৰ্চ :লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল তথা নেতাসকলৰ তৎপৰতা বৃদ্ধি পাইছে । ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে অসমত ১১ টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে । আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় ৰাজনৈতিক দল বিজেপিৰ পৰা কাজিৰঙা লোকসভা সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই ।
দলীয় টিকট লাভ কৰি মঙলবাৰে প্ৰথমবাৰৰ বাবে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰত উপস্থিত হয় বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা । বিজেপি নেতাগৰাকীক বৰপথাৰৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলে উষ্ম আদৰণি জনায় । তাৰ উপৰি বৰপথাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত প্ৰাৰ্থীগৰাকীক দলটোৰ বিভিন্ন মৰ্চাৰ বিষয়ববীয়া, দলীয় কাৰ্যকৰ্তাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।
আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আমদানিকৃত নেতা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে । এই সন্দৰ্ভত বৰপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কামাখ্যা প্ৰসাদ তাছাই কয় যে অখিল গগৈৰ লগত তেওঁৰ কোনো মতলব নাই ।