অসম

assam

ETV Bharat / state

জলজীৱন মিছনৰ ঠিকাৰ ধন নাপাব একাংশ ঠিকাদাৰে; জানি লওক সবিশেষ - JJM CONTRACTORS PAYMENT ISSUE

JJM Scheme: জলজীৱন মিছনত নিম্নমানৰ কাম কৰা নাইবা কাম সম্পূর্ণ কৰিব নোৱৰা ঠিকাদাৰে নাপাব টকা । মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ স্পষ্ট কথা ।

JJM Scheme
বিধায়ক মানৱ ডেকাৰ ঘৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 16, 2024, 7:26 AM IST

লখিমপুৰ, ১৫ অক্টোবৰ:জলজীৱন মিচনত নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বাবে দুঃখবৰ । তেওঁলোকে নাপাব টকা । এয়া মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ স্পষ্ট কথা । খোৱাপানী যোগানৰ বাবে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনত কাম কৰা একাংশ ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ।

যিসকলে জলজীৱন মিছনত নিম্নমানৰ কাম কৰিছে অথবা কাম সম্পূর্ণ কৰিব পৰা নাই, তেওঁলোকে পইচা নাপাব । বিভাগীয় মন্ত্রী জয়ন্তমল্ল বৰুৱাই মঙলবাৰে সন্ধ্যা লখিমপুৰত সাংবাদিকৰ প্ৰশ্নৰত এনেদৰে কয় ।

বিধায়ক মানৱ ডেকাৰ ঘৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (ETV Bharat Assam)

আনহাতে, জলজীৱন মিছন আঁচনিৰ কাম বন্ধ হৈ থকাৰ প্ৰসংগত তেওঁ কয়, "আঁচনিৰ কাম বন্ধ হৈ পৰা নাই । কেৱল পুনৰীক্ষণৰ কাম কৰি থকা হৈছে । আই আই টি মাদ্ৰাজ আৰু টিজ গুৱাহাটীয়ে আঁচনিসমূহ পুনৰীক্ষণ কৰিছে । তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ঠিকাদাৰে পইচা পাব ।"

তেওঁ লগতে জলজীৱন মিছনত টকাৰ অভাৱ হোৱা নাই বুলি উল্লেখ কৰি কয়, "তিনি দিনৰ আগতে কেন্দ্রৰ পৰা ৫০০ কোটি টকা আহিছে । মাজতে মাথোঁ এমাহমানৰ বাবেহে ঠিকাদাৰক পইচা দিয়া হোৱা নাই । ভাল কাম কৰা ঠিকাদাৰে পইচা পাবই, চিন্তা কৰিব নালাগে । কিন্তু যিসকলে কাম বেয়া কৰিছে বা কাম সম্পূর্ণ কৰিব পৰা নাই তেওঁলোকে পইচা নাপাব ।" ইফালে জলজীৱন আঁচনিৰ পানী যোগান সন্দৰ্ভত উত্থাপিত অভিযোগ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ্যত ৮১ শতাংশ লোকে জলজীৱন মিছনৰ আঁচনিৰ পৰা পানী লাভ কৰিছে । মাত্ৰ ১৯ শতাংশ লোকেহে পানী লাভ কৰা নাই ।"

উল্লেখ্য যে দুদিন পূৰ্বে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই ঘৰতে আত্মহত্যা কৰে । যাৰ বাবে মঙলবাৰে সন্ধ্যা মন্ত্রী জয়ন্তমল্ল বৰুৱাই বিধায়কগৰাকীৰ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাবলৈ তেওঁৰ ঘৰত উপস্থিত হয় ।

এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "কোনেও নিবিচৰা ঘটনা এটা ঘটি গ'ল । প্ৰয়াত কল্যাণ ডেকাক ছাত্র ৰাজনীতিৰ সময়তে ঘনিষ্ঠভাৱে পাইছিলোঁ ।" তেওঁৰ বিয়োগত শোক প্রকাশ কৰি মন্ত্রী জয়ন্তমল্ল বৰুৱাই বিধায়ক ডেকাৰ পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ
লগতে পঢ়ক :কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ? জনালে ভূপেন বৰাই

ABOUT THE AUTHOR

...view details