তিনিচুকীয়া, ৭ মে’ :পুনৰ চতুৰ্থ বাৰলৈ আদালতত মুখ থেকেঁচা খালে আই পি এল জুৱাৰ সম্ৰাট তিনিচুকীয়াৰ বিকাশ বেৰিয়াই ৷ ২৬ এপ্ৰিলত পুৱা তিনিচুকীয়াৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পাচত জামিন আবেদন কৰিছিল যদিও তিনিবাৰকৈ তিনিদিন তিনিদিনকৈ আদালতৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে নিজৰ জিন্মাত লৈ মাৰাথন জেৰা চলাইছিল বিকাশ বেৰিয়াক ৷ তাৰ পাচত সোমবাৰে আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলাত আদালতত হাজিৰ কৰোৱাই তিনিচুকীয়া আৰক্ষীয়ে ৷
আদালততে বেৰিয়াৰ জামিন আবেদন নাকচ কৰি বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালাক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে তিনিচুকীয়া আদালতে ৷ নটাকৈ দিন তিনিচুকীয়া আৰক্ষীয়ে নিজৰ জিন্মাত লৈ চলোৱা অভিযানৰ সময়তে নিখিল আগৰৱালাৰ বাসগৃহত জব্দ কৰিছিল ৬২ লাখ ৮০ হাজাৰ ৮৯০ টকা ৷
সমান্তৰালভাৱে বিকাশ বেৰিয়াৰ ঘৰৰ পৰা ১০ লক্ষাধিক, নিতিন বেৰিয়াৰ ঘৰৰ পৰা ৮.৫০ লাখ আৰু আন এজন ঘনিষ্ঠৰ ঘৰৰ পৰা ১.৫০ লাখ টকা জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত চলাই যোৱাৰ সমান্তৰালভাৱে বিকাশ বেৰিয়া আৰু ভাতৃ নিতিন বেৰিয়াৰ সম্পত্তিৰ তদন্তৰ বাবে ই ডি আৰু আয়কৰ বিভাগক তদন্তৰ বাবে পত্ৰ প্ৰেৰণ কৰে ৷
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে আৰু দুয়োটা বিভাগলৈ লিখা পত্ৰৰ বিষয়েও আদালতক অৱগত কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ইফালে আই পি এল জুৱাৰ চক্ৰৰ সৈতে জড়িত অভিযুক্ত বিকাশ বেৰিয়া, সুপ্ৰিত বিশ্বাসৰ লগতে টকা উদ্ধাৰ হোৱা নিখিল আগৰৱালাক লৈ তিনিচুকীয়া আৰক্ষীয়ে তিনিগৰাকী লোকক ন্যায়িক জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ৷