অসম

assam

ETV Bharat / state

পকামিঠৈ বনাব পাৰিব যন্ত্ৰৰ সহায়ত : কি কি নতুন উদ্ভাৱনত ব্যস্ত পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালী ? - Inventor Uddhab Bharali - INVENTOR UDDHAB BHARALI

New invention of Uddhab Bharali : উদ্ভাৱনী ক্ষেত্ৰত দেশ-বিদেশৰ এটা চিনাকি নাম পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালী ৷ লখিমপুৰৰ সন্তান ড৹ উদ্ধৱ ভৰালীয়ে শেহতীয়াকৈ বহুকেইটা যন্ত্ৰ উদ্ভাৱন কৰিছে । পকামিঠৈ বনোৱাৰ পৰা নেমুৰ বাকলি গুচোৱা যন্ত্ৰলৈকে । ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

New invention of Uddhab Bharali
উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 5:33 PM IST

লখিমপুৰ, ২৩ জুলাই : কেবাটাও নতুন উদ্ভাৱন লৈ জনহিতৰ বাবে সাজু পদ্মশ্ৰী উদ্ধৱ ভৰালী ৷ যন্ত্ৰৰ মাজতে তিনিখন গ্ৰন্থৰ কামো চলাই আছে উদ্ভাৱকগৰাকীয়ে ৷ কেৱল অসম নাইবা ভাৰতবৰ্ষতেই নহয়, বিশ্বৰ বিভিন্ন দেশতো সন্মানীয়, সমাদৃত এটা নাম হ’ল লখিমপুৰৰ বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালী ।

উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

উল্লেখ্য যে এইপৰ্যন্ত ১৭৮ টা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁ দেশৰ ভিতৰে-বাহিৰে প্ৰচুৰ সমাদৃত হৈছে । অতি নীৰৱে প্ৰচাৰ বিমুখভাৱে তেওঁ কাম কৰি গৈছে । শেহতীয়াকৈ তেওঁ তিনিটা নতুন যন্ত্ৰ উদ্ভাৱন কৰিছে । নেমুৰ বাকলি গুচোৱা, কটা আৰু ৰস তথা তেল উলিওৱাৰ যন্ত্ৰটো এইক্ষেত্ৰত অন্যতম বুলি বিবেচিত হৈছে ৷

ন-ৰূপত সাজি উলিয়াইছে অসমীয়াৰ গৌৰৱৰ আন এটা প্ৰতীক ঢেকী । মানৱবিহীনভাৱে যন্ত্ৰচালিত এই ঢেকীটোৰ পৰম্পৰাগত ৰূপ অক্ষুন্ন ৰখা হৈছে । তেওঁৰ নৱতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম হ’ল পকামিঠৈ বনোৱা যন্ত্ৰ ৷ অসমীয়া সমাজৰ সকাম-নিকামত বিশেষকৈ সমজুৱা বৰসবাহ আদিত প্ৰসাদৰ লগত পকামিঠৈ দিয়াটো অলিখিত পৰম্পৰা । বহু বেছি পৰিমাণে পকামিঠৈ বনাবলগীয়া হোৱাটো এক সমস্যা বুলি অনুভৱ কৰি ড৹ ভৰালীয়ে পকামিঠৈ বনোৱা যন্ত্ৰ উদ্ভাৱন কৰিছে ।

সমানে প্ৰসাদ ধোৱাৰ বাবেও আন এক যন্ত্ৰ উদ্ভাৱন কৰিছে ড৹ ভৰালীয়ে । শেহতীয়াকৈ তেওঁ বাহিৰা দেশৰ ফৰমাইচতকৈ দেশৰ ভিতৰৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ হকে বেছিকৈ কাম কৰিবলৈ লৈছে । অৰুণাচলৰ বনৰীয়া নেমুৰ পৰা পাওদাৰ বনোৱা, নেপালৰ পৰা নেমুৰ জুচ বনোৱা যন্ত্ৰ আদিৰ ফৰমাইচ আহিছে আৰু সেইখিনি যন্ত্ৰ ইতিমধ্যে উদ্ভাৱনৰ অন্তিম পৰ্যায়ত আছে৷

পশুধনৰ দানা ঘৰতে প্ৰস্তুত কৰিব পৰা যন্ত্ৰ, আনাৰসৰ পাতৰ আহৰ পৰা সূতা প্ৰস্তুত কৰা যন্ত্ৰ, চাহৰ সেমেকা ভাৱ গুচোৱা যন্ত্ৰ, গজালি ওলোৱা ধানৰোৱা যন্ত্ৰ আদি অচিৰেই উদ্ভাৱন হোৱাৰ পথত । তেওঁ ইতিমধ্যে নিৰ্মাণ কৰা যন্ত্ৰ-পাতিসমূহ যাতে তেওঁৰ অবৰ্তমানত পৰি নাথাকে, তাৰ বাবে যন্ত্ৰ-পাতিসমূহ খুলি-মেলি ছাত্ৰ সমাজক জ্ঞান দি যাবৰ বাবে তেওঁ ইতিমধ্যে এটা পাঠ্যক্ৰম আৰম্ভ কৰিছে৷

ড৹ উদ্ধৱ ভৰালীয়ে দিনে-নিশাই উদ্ভাৱনী কাম-কাজত ধাতৱ শব্দৰ মাজত থাকিলেও তাৰ মাজতে হাতত কলম তুলি লৈছে । তিনিখনকৈ গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ প্ৰস্তুতি চলাই আছে ৷ নিজৰ জীৱন গাথা, উদ্ভাৱনী কাহিনী সন্নিবিষ্ট কৰি তেওঁ লিখি উলিয়াইছে -যন্ত্ৰ ষড়যন্ত্ৰ যন্ত্ৰনা ৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰজেক্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ তেওঁ আন এখন গ্ৰন্থৰ কামো সম্পূর্ণ কৰিছে । আনহাতে সমাজত অধ্যৱসায় কৰি যিসকলে কামবোৰ কৰি আছে এই কামকাজখিনিক সামৰি তেওঁ আন এখন গ্ৰন্থৰ কামো ইতিমধ্যে সম্পূর্ণ কৰিছে । অহা ছমাহমানৰ ভিতৰতে এই গ্ৰন্থকেইখন পাঠকৰ হাতত পৰিব ।

গ্ৰন্থকেইখনে বিশেষকৈ শিক্ষাৰ্থী সমাজক উপকৃত কৰিব বুলি তেওঁ আশাবাদী । এহাতে যন্ত্ৰ-পাতি, আনহাতে কলম লৈ এতিয়া এনেদৰেই সৃষ্টিশীল কামত ব্ৰতী উদ্ধৱ ভৰালী । লক্ষ্য তেওঁৰ জনহিত । লক্ষ্য তেওঁৰ শিক্ষার্থী সমাজক এটা সেন্দূৰীয়া পথ প্ৰদৰ্শন কৰাৰ । দেশ-বিদেশৰ অসংখ্য ফৰমাইচ গ্ৰহণ কৰি উদ্ভাৱনী চিন্তাত মগ্ন হৈ থকা উদ্ধৱ ভৰালীয়ে পাহৰি যোৱা নাই সমাজৰ প্ৰতি থকা দায়বদ্ধতা । পাহৰি যোৱা নাই অসমীয়া সমাজৰ গৰিমাক । যাৰ বাবে স্বয়ংক্ৰিয়ভাৱে চলিব পৰাকৈ নিৰ্মাণ কৰা ঢেকীতো পুৰাতন ৰূপটো তেওঁ অক্ষুন্ন ৰাখিছে ৷

লগতে পঢ়ক :কি নতুন উদ্ভাৱনত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

লগতে পঢ়ক :কাৰাগাৰলৈ নিক্ষেপ পদ্মশ্ৰী উদ্ধৱ ভৰালীক

লগতে পঢ়ক :ৰূম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন

ABOUT THE AUTHOR

...view details