অসম

assam

ETV Bharat / state

প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিয়ে বিপদত পেলাইছে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডক - Petrochemical Limited press meet

Assam Petrochemical Limited: অসমৰ পেট্ৰ’ৰাসায়নিক প্ৰকল্প জীয়াই ৰখাৰ বাবে বাংলাদেশলৈ মিথানল ৰপ্তানিৰে বজাৰ দখলৰ প্ৰচেষ্টা উদ্যোগটোৰ ৷ প্ৰাকৃতিক গেছৰ মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডক ৷ নামৰূপ অসম পেট্ৰ’কেমিকেল লিমিটেডে বৰ্তমান দৈনিক 600 টন মিথানল আৰু 125 টন ফৰমেলিন উৎপাদন কৰি কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

increases of natural gas prices has put Assam Petrochemical Limited of Namrup in danger
নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 12:59 PM IST

মৰাণ, 22 জুন: অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেড । কিন্তু শেহতীয়াকৈ প্ৰাকৃতিক গেছৰ মূল্যবৃদ্ধিয়ে এই উদ্যোগটোক সমস্যাত পেলাইছে ৷ উল্লেখ কৰা প্ৰয়োজন যে, অসম পেট্ৰ’কেমিকেল লিমিটেডক অধিক কাৰ্যক্ষম কৰাৰ লগতে সম্প্ৰসাৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষভাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ।

নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাৰ সংবাদমেল (ETV Bharat Assam)

যোৱা 14 এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উচৰ্গা কৰিছিল প্ৰায় 18 শ কোটি টকাৰে নিৰ্মিত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো । উদ্বোধনৰ পাছৰে পৰা দৈনিক 500 টন মিথানল উৎপাদন কৰি অহা হৈছে প্ৰকল্পটোত ।

পূৰ্বৰে পৰা এ পি এলৰ পুৰণি প্ৰকল্পটোত উৎপাদিত হৈ আহিছে মিথানল ৷ ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশলৈ ৰপ্তানি হৈ আহিছে যদিও নতুন প্ৰকল্পত এই পৰিমাণ দুগুণলৈ বৃদ্ধি পাব আৰু আৰ্থিকভাৱে লাভাম্বিত হ’ব বুলি আশা কৰা হৈছিল । কিন্তু কাৰ্যতঃ মিথানলৰ বজাৰত সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ্বান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিথানলৰ মূল্য হ্ৰাস হোৱাৰ পৰিপেক্ষিতত অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেড এতিয়া লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ।

লগতে পঢ়ক:Methanol export started from APL:শনিবাৰে মিথানল ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

উদ্যোগটো চলাই নিয়াৰ ক্ষেত্ৰত সমস্যাত পৰিছে অসম পেট্ৰ’কেমিকেল লিমিটেড কৰ্তৃপক্ষ । ইয়াৰ পৰিপেক্ষিতত মিথানলৰ নতুন বজাৰ বাংলাদেশত স্থাপনৰ চেষ্টা কৰিছে অসম পেট্ৰ’কেমিকেল লিমিটেডে ।

শুকুৰবাৰে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই এখন সংবাদমেল সম্বোধন কৰি কয় যে নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডে বৰ্তমান দৈনিক 600 টন মিথানল আৰু 125 টন ফৰমেলিন উৎপাদন কৰে ৷ সেই হিচাপত প্ৰতি মাহে কোম্পানীটোৱে গড়ে 1500 মেট্ৰিকটন মিথানল উৎপাদন কৰে ।

বিগত বৰ্ষৰ 21 জুলাইত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে এ পি এলৰ উৎপাদিত মিথানল বাংলাদেশলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰাৰ পাছত আজি পৰ্যন্ত 1300 মেট্ৰিকটন মিথানল বাংলাদেশলৈ ৰপ্তানি কৰি থকা হৈছে । আশা কৰা ধৰণেৰে দেশৰ আন ৰাজ্যৰ তুলনাত বাংলাদেশত মিথানলৰ এখন ভাল বজাৰ আছে ।

এই বজাৰ নিজৰ দখললৈ আনিব পাৰিলে উপকৃত হ'ব অসম পেট্ৰ’কেমিকেল লিমিটেড । সেয়ে এই ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে এ পি এলৰ অধ্যক্ষ, উপাধ্যক্ষ, পৰিচালন সঞ্চালক সহিতে এটা বৃহৎ সঁজাতি দল চলিত বৰ্ষত বাংলাদেশ ভ্ৰমণ কৰি বজাৰ পৰ্যবেক্ষণ কৰে ।

লগতে পঢ়ক:Methanol export process started in Assam: আজিৰে পৰা ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি হ’ব মিথানল

"সঁজাতি দলটোৱে ভ্ৰমণৰ সময়ছোৱাত বাংলাদেশত 12000 মেট্ৰিকটনৰ এখন বজাৰ প্ৰত্যক্ষ কৰে । বৰ্তমানলৈকে বাংলাদেশলৈ ৰপ্তানি কৰা মিথানলৰ প্ৰত্যেক টনত দেশীয় বজাৰখনতকৈ প্ৰায় 6 হাজাৰ অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে । সেয়ে কোম্পানীটোৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বাংলাদেশক লক্ষ্য কৰি লোৱা হৈছে ।

বাংলাদেশলৈ ৰপ্তানিত গুৰুত্ব আৰোপ কৰি সীমান্তৰ কেইবাটাও পথেদি ব্যৱসায়িক পথ প্ৰস্তুত কৰিছে । পথসমূহেদি যাতে মিথানল ৰপ্তানি কৰাত কোনো সমস্যা নহয় তাৰ বাবে ইতিমধ্যে আলোচনা কৰা হৈছে । বাংলাদেশে ছিংগাপুৰ আৰু ডুবাইৰ পৰা প্ৰয়োজনীয় মিথানল সাগৰীয় জলপথেৰে ব্যয়বহুলভাবে ৰপ্তানি কৰোতে যথেষ্ট সময় খৰচ হয় ।

কিন্তু নামৰূপৰ পৰা স্থলপথৰে এটা সপ্তাহৰ ভিতৰতে বাংলাদেশে মিথালন লাভ কৰিব আৰু সেয়েহে বাংলাদেশ চৰকাৰ তথা কোম্পানীসমূহেও যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে অসমত উৎপাদিত মিথানল ল'বৰ বাবে । যদিহে বাংলাদেশৰ মিথালনৰ বৃহৎ বজাৰখন এ পি এলে দখল কৰিব পাৰে তেন্তে কোম্পানীটোৱে বৰ্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বান বহুখিনি হ্ৰাস পাব " অধ্যক্ষগৰাকীয়ে কয় ।

সংবাদমেলত অধ্যক্ষ বিকুল ডেকাই জানিবলৈ দিয়া অনুসৰি প্ৰাকৃতিক গেছৰ বৰ্দ্ধিত মূল্যই সমস্যাত পেলাইছে উদ্যোগটোক । আন্তঃৰাষ্ট্ৰীয় বজাৰত মিথালনৰ মূল্য হ্ৰাসৰ বিপৰীতে প্ৰাকৃতিক গেছৰ দাম বৃদ্ধিৰ বাবে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে অসম পেট্ৰ’কেমিকেল লিমিটেড । সেয়ে প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক অসম পেট্ৰ’কেমিকেল লিমিটেডে দিব লগা ভেট ৰেহাই দিবলৈ আহ্বান জনাই কোম্পানীটোৰ অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক:PM Modi inaugurate methanol plant : প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে নামৰূপৰ 500 টন মিথানল প্ৰকল্প

ABOUT THE AUTHOR

...view details