মৰাণ:খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত মাফিয়াই দিনে নিশাই অব্যাহত ৰাখিছে বালি খনন । ফলত বুঢ়ীদিহিঙৰ মূল মথাউৰিৰ প্ৰতিও ভাবুকি আহিছে । খোৱাঙৰ দীঘলীয়াহোলা আৰু শিলপুটাত কেইজনমান বালি ব্যৱসায়ীয়ে অবৈধভাৱে বালি খনন কৰি ৰাইজৰ মাজত এক প্ৰকাৰে সন্ত্ৰাস চলাই আহিছে । ৰাইজৰ মাজত আতংক সৃষ্টি কৰি নিতৌ দুটা অবৈধ বালি মহলৰ পৰা ডাম্পাৰ, ট্ৰাকৰ লগতে বিভিন্ন গাড়ীৰে অহৰহ কঢ়িয়াই আছে বালি । কিন্তু সকলো দেখিও এই খনন বন্ধ কৰাত বিয়াগোম বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ।
লাখ লাখ টকাৰ বালি দিনে নিশাই লৈ যোৱাৰ পাছতো আজি পৰ্যন্ত এখনো গাড়ী জব্দ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যৰ ৰহস্যৰ সৃষ্টি কৰিছে । অবৈধ খনন বন্ধ কৰিবলৈ বন বিভাগ ব্যৰ্থ হোৱাৰ পাছতেই তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । আজি চৰকাৰী কেইবাটাও বিভাগক লগত লৈ অবৈধ বালি খননৰ বিৰুদ্ধে অভিযানত নামিল খোৱাং সম-জিলা আয়ুক্ত । খোৱাং সম-জিলা আয়ুক্ত জিণ্টু বৰাৰ নেতৃত্বত তিনিটাকৈ বিভাগে বৃহৎ অভিযান চলায় মহল দুটাত ।
খোৱাং আঞ্চলিক বন বিভাগ, জলসম্পদ বিভাগ, ৰাজহ চক্ৰ বিষয়া, খোৱাং থানাৰ আৰক্ষী বিষয়া আৰু স্থানীয় গাঁও প্ৰধান এই অভিযানত উপস্থিত থাকে । বন বিভাগৰ লোকে কিমান বালি মাফিয়াই খান্দি লৈ গৈছে তাৰো জোখ-মাখ কৰে । সম-জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগক মথাউৰি সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ কাঢ়া নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী আৰু বন বিভাগক বালি কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে । বন বিভাগৰ দুৰ্বলতাৰ বাবে যে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাৰ লগতে বুঢ়ীদিহিঙৰ মথাউৰিলৈ ভাবুকি আহিছে সেই কথা খোৱাং সম-জিলা আয়ুক্তগৰাকীৰ মন্তব্যত স্পষ্ট হৈ পৰিছে ।