যোৰহাট: যোৰহাটত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । যোৰহাটৰ ন-বৰা চুক অঞ্চলত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছে কেইবাটাও নাহৰফুটুকীয়ে । তাৰে ভিতৰত এটা প্ৰকাণ্ড নাহৰফুটুকীক মঙলবাৰে ৰাইজৰ সহযোগত যোৰহাট বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ।
ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো । তাৰ পিছত পিঞ্জৰাবদ্ধ বাঘটোক অনা হয় যোৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ । উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনে নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে । যাৰ বাবে স্থানীয় ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ'বলগা হৈছে ।
পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই পোহনীয়া হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি ভক্ষণ কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা যোৰহাট বন বিভাগক অৱগত কৰে । ফলত ৰাইজৰ সহযোগত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত মঙলবাৰে পুৱতি নিশা বাঘটো আবদ্ধ হয় । ইফালে উক্ত অঞ্চলটোত ৰাইজক ত্ৰাসিত কৰা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে অলপ হ'লেও স্বস্তিৰ নিশ্বাস পেলাইছে ।