অসম

assam

ETV Bharat / state

পাৰ্শ্বক্ৰিয়া ! বাংলাদেশী গ্ৰাহকৰ বাবে বৰাকৰ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ বন্ধ - BANGLADESHI CUSTOMERS BOYCOTT

বৰাক উপত্যকাৰ হোটেল আৰু ৰেস্তোৰাঁ সন্থাৰ কঠোৰ সিদ্ধান্ত । বাংলাদেশী গ্ৰাহকক সেৱা আগবঢ়োৱা নহ'ব ।

Barak valley Hotels and restaurant associations
বৰাকত বাংলাদেশী গ্ৰাহকক বৰ্জন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 12:45 PM IST

Updated : Dec 6, 2024, 1:23 PM IST

শিলচৰ :শেহতীয়াকৈ চুবুৰীয়া বাংলাদেশত অস্থিৰতা পুনৰ আৰম্ভ হৈছে । দেশখনত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ আৰু ইস্কন সদস্যৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ত্ৰিপুৰাকে ধৰি অসমৰো কিছু কিছু প্ৰান্তত বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা গৈছে ।

বৰাকৰ হোটেল-ৰেস্তোৰাঁৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বৰাকত বাংলাদেশী গ্ৰাহকক বৰ্জন (ETV Bharat)

তাৰ মাজতে বাংলাদেশী গ্ৰাহকক বৰ্জন কৰিলে বৰাকৰ হোটেল আৰু ৰেস্তোৰাঁসমূহে । বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ নোহোৱালৈ কোনো বাংলাদেশী গ্ৰাহকক বৰাক উপত্যকাৰ হোটেল আৰু ৰেস্তোৰাঁত সেৱা আগবঢ়োৱা নহ'ব । এই ঘোষণা কৰে বৰাক ভেলী হোটেল এণ্ড ৰেস্তোৰাঁ এছ'চিয়েচনে ।

উল্লেখ্য যে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে বৰাক উপত্যকাৰ ৩ খন জিলাত প্ৰতিদিনে প্ৰতিবাদ হোৱা দেখা গৈছে । সেই প্ৰতিবাদৰ মাজতে বাংলাদেশী গ্ৰাহকসকলক উদ্দেশ্যি বৰাক ভেলী হোটেল এণ্ড ৰেস্তোৰাঁ এছ'চিয়েচনৰ সদস্যসকলে কয় যে বাংলাদেশৰ ঘটনা অতি দুখজনক । বাংলাদেশত হিন্দুসকলক আক্ৰমণ কৰাৰ বিৰুদ্ধে সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ

সন্থাৰ এগৰাকী সদস্যই কয়,"বাংলাদেশত যিধৰণে হিন্দুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পাইছে, মৌলবাদীৰ উত্থান হৈছে আৰু ৰাজনৈতিক পৰিৱেশ ধ্বংস হৈছে তাক মানসিকভাৱে মানি ল'ব নোৱাৰো । আমি আশা কৰিছো বাংলাদেশৰ পৰিস্থিতি পুনৰ সুস্থিৰ হ'ব আৰু আমাৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব । পৰিস্থিতি উন্নত হ'লে আমি বাংলাদেশৰ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ কথা চিন্তা কৰিম । কিন্তু বৰ্তমানলৈ বাংলাদেশৰ গ্ৰাহকক সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে । আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাইও প্ৰতিবাদ কৰিছে আৰু আমিও কৰিছো ।"

লগতে পঢ়ক :আগৰতলাত বাংলাদেশ মিছনত প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰী, নমোৱা হ’ল পতাকা

Last Updated : Dec 6, 2024, 1:23 PM IST

ABOUT THE AUTHOR

...view details