তেজপুৰ :অসম আৰু অসমীয়াৰ স্বাভিমান তেজপুৰ । এই তেজপুৰতেই জীৱনৰ সোণালী দিনবোৰ অতিবাহিত কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই । অসমৰ প্ৰাতঃস্মৰণীয় ব্য়ক্তিগৰাকীৰ লগত তেজপুৰৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । সেয়েহে তেজপুৰেই ৰিঙিয়াই ৰিঙিয়াই কয় ৰূপকোঁৱৰৰ অসমবাসীলৈ আগবঢ়োৱা অৱদানৰ কথা ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ এক বৰ্ণময় ব্যক্তিত্ব:
৭৫ সংখ্যক স্মৃতি দিৱস উদযাপন (ETV Bharat Assam) ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালা আৰু কিৰণময়ী আগৰৱালাৰ সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল । জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ ব্যক্তিত্বৰ অধিকাৰী । তেওঁ আছিল একাধাৰে কবি,নাট্যকাৰ, সাহিত্যিক, শিল্পী, সংগীতজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ।
অসমীয়া কথাছবিৰ সম্পাদনাৰ কামত ব্য়স্ত ৰূপকোঁৱৰ (ETV Bharat Assam) জ্যোতিপ্ৰসাদৰ পৰিয়ালটো:
চন্দ্ৰকুমাৰ আগৰৱালা আছিল ৰূপকোঁৱৰৰ বৰদেউতাক । তেওঁৰ পূৰ্বপুৰুষ নৱৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল । এইগৰাকী ব্য়ক্তিৰ পৰিয়ালৰেই সদস্য আছিল হৰিবিলাস আগৰৱালা । মহাপুৰুষজনাৰ 'কীৰ্তন' পুথি পোনপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল হৰিবিলাস আগৰৱালাই । ৰাজস্থানৰ পৰা প্ৰব্ৰজন কৰা জ্যোতিপ্ৰসাদ আগৰৱালা পৰিয়ালৰ প্ৰথম ব্যক্তি নৱৰংগৰাম আগৰৱালাই অসমলৈ আহি গমিৰিত তেতিয়াৰ শোণিতপুৰ আৰু তেজপুৰত থিতাপি লৈ ৰবৰৰ বেপাৰ কৰিছিল ।
পকীৰ ভিতৰচ'ৰা (ETV Bharat Assam) সেই আগৰৱালা পৰিয়ালটোৱে অসমীয়া সমাজত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছিল আৰু তেওঁৰ পুত্ৰ হৰিবিলাস আগৰৱালাই পুথি প্ৰকাশকৰ ব্যৱসায় কৰিছিল । এই পকী গৃহত থাকি তেওঁৰ পুত্ৰ পৰমানন্দ আগৰৱালাই পৰৱৰ্তী সময়ত এই প্ৰকাশনৰ ব্যৱসায় চলাই নিছিল । তেওঁৰ পুত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সাংস্কৃতিক নৱজাগৰণৰ সৃষ্টি কৰিছিল ।
পকীৰ ভিতৰত থকা ৰূপকোঁৱৰৰ বিচনা (ETV Bharat Assam) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আজিৰ দিনটোতেই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে অজান দেশলৈ গুচি গৈছিল । ৰূপকোঁৱৰৰ মৃত্য়ুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে । আজি তেওঁৰ ৭৫ সংখ্যক স্মৃতি দিৱস । অসমৰ প্ৰথমখন কথাছবি 'জয়মতী' আৰু প্ৰথমটো আধুনিক গীতৰ স্ৰষ্টা সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আৰম্ভণি হৈছিল তেজপুৰ চহৰৰ মাজমজিয়াত থকা তেওঁৰ বাসগৃহ 'পকী'ত ৷ অৰ্থাৎ বৰ্তমানৰ সংস্কৃতিক সঞ্চালকালয়ৰ 'জ্যোতি ভাৰতী'ত । সেয়েহে আজি 'পকী'ত জ্যোতি ভাৰতী আৰু জিলা প্ৰশাসনে উদযাপন কৰিলে 'শিল্পী দিৱস '।
পকীৰ ভিতৰত থকা ৰূপকোঁৱৰৰ চোলা (ETV Bharat Assam) পকীৰ আছে এক সুকীয়া ইতিহাস :
বৰ্তমানৰ জ্যোতি ভাৰতী সংগ্ৰহালয় অৰ্থাৎ পকী অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ ঘৰ আছিল । ১৮৭৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককা হৰিবিলাস আগৰৱালাই এই ঘৰটো নিৰ্মাণ কৰিছিল । এই ঘৰটো তেজপুৰৰ প্ৰথম পকী (পক্কা) ঘৰ আছিল আৰু সেয়েহে জনপ্ৰিয়ভাৱে 'পকী' নামেৰে জনাজাত হৈ পৰে এই ঘৰটো । ৰাজস্থানী আৰু আহোম শৈলীৰ সুক্ষ্ম মিশ্ৰণৰে পকীৰ নিৰ্মাণ কৰা হৈছিল । বেৰবোৰ সমতল ইটাৰে নিৰ্মিত আৰু আঢ়ৈ ফুট ডাঠ । ঘৰৰ মাজত বৃহৎ আকাৰৰ চোতাল এখন আৰু মজিয়াত চেপেটা শিল ৰখা আছে ।
ৰূপকোঁৱৰ পিয়ানো (ETV Bharat Assam) আজি এক সংগ্ৰহালয় আকাৰে কাহিনী কয় পকীয়ে :
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই এই 'পকী', বৰ্তমানৰ জ্যোতি ভাৰতীৰ বিষয়ে ই টিভি ভাৰতক কয়, " শোণিতপুৰ জিলাৰ প্ৰথম পকী ঘৰটোৰ লগত বহু বিশিষ্ট ব্যক্তিৰ জীৱনী অন্তৰ্নিহিত আছে । হৰিবিলাস আগৰৱালাই পুথি প্ৰকাশকৰ ব্যৱসায় কৰিছিল এই পকী গৃহত থাকি আৰু প্ৰথমবাৰৰ বাবে কীৰ্ত্তন পুথি প্ৰকাশ কৰিছিল । গুণমালাকে আদি কৰি সেই সময়ৰ অসমীয়া সাহিত্যিকৰ বিভিন্ন কিতাপ প্ৰকাশ কৰি অসমীয়া ৰাইজক উপহাৰ দিছিল । পকীৰ ভিতৰত অসমৰ ভিতৰত প্ৰথম পাশ্চাত্যৰ বাদ্যযন্ত্ৰ আনি অসমীয়া সংগীতৰ চর্চা কৰিছিল- তুলসীৰ তলে তলে মৃগপহু চৰে .. । এই গৃহত থাকি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৪ বছৰ বয়সত 'শোণিত কুঁৱৰী' ৰচনা কৰি পুৰণি বান থিয়েটাৰত মঞ্চস্থ কৰিছিল । এই পকী গৃহৰ পৰাই অসমৰ প্ৰথম আধুনিক গীত লিখি অসম সাহিত্য সভাত পৰিবেশন কৰিছিল ।"
পকীৰ সন্মুখৰ অংশ (ETV Bharat Assam) 'পকী'ৰ লগত সম্পৰ্ক থকা ব্যক্তি:
জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ এই পকী ঘৰটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অজিও এক প্ৰতিমূৰ্তি হৈয়েই আছে । মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, মতিলাল নেহৰু, মদন মোহন মালব্য়, অৰুণা আশ্ৰফ আলী, ড৹ ৰাজেন্দ্ৰ প্ৰসাদ, ৰাজা গোপালাচাৰী, আচাৰ্য নৰেন্দ্ৰ দেৱ, বিষ্ণু ৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকাৰ এই ঘৰটোৰ লগত আছিল এক নিবিড় সম্পৰ্ক । ১৯২১ আৰু ১৯৩৪ চনত মহাত্মা গান্ধী দুবাৰকৈ এই পকীত আছিল । সেই দুয়োটা অৱস্থাতে জ্যোতিপ্ৰসাদে গান্ধীৰ মতাদৰ্শ আৰু তেওঁৰ নীতিৰ দ্বাৰা অতিশয় আপ্লুত হৈছিল ।
পকীৰ ভিতৰত থকা ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ছবি (ETV Bharat Assam) অসমীয়া সংস্কৃতিৰ বৰঘৰ পকী :
অসমীয়া সংস্কৃতিৰ বৰঘৰ হিচাবে খ্যাত এই পকী । সেই সময়ত এই পকীৰ চাৰি দেৱালৰ ভিতৰতে ৰাজ্যৰ আৰ্থ-ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । লগতে এই ঘৰটো ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বিভিন্ন ৰাজ্যিক নেতাৰ উমৈহতীয়া মিলনস্থলীও আছিল । এই পকীৰ পৰাই অসমীয়া ছবি নিৰ্মাণৰ পৰিকল্পনাও শিপাইছিল । ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই জেলৰ পৰা মুক্তি পোৱাৰ পিছত প্ৰথম অসমীয়া চিনেমা 'জয়মতী'ৰ চিত্ৰনাট্য লিখিছিল । পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজহাতে লিখা গীতৰ পাণ্ডুলিপি,ব্য ৱহাৰ কৰা সামগ্ৰী,বিচনা, বাদ্যযন্ত্ৰ আৰু বহুতো ৰচনা আছে । এই পকী গৃহতে ১৯৫১ চনৰ আজিৰ দিনটোত অৰ্থাৎ ১৭ জানুৱাৰীত দুৰাৰোগ্য ৰোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু ঘটে ।
পকীৰ ভিতৰত থকা ৰূপকোঁৱৰৰ ছবি (ETV Bharat Assam) সংৰক্ষণৰ প্ৰয়োজন :
এই 'পকী' পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালে অসম চৰকাৰৰ হাতত অৰ্পণ কৰে আৰু বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত জ্যোতি ভাৰতী নামেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিত কোঁৱৰ গজেন বৰুৱা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আপুৰুগীয়া সামগ্ৰীসমূহ সংৰক্ষণ কৰা হৈছে । সামগ্ৰীসমূহ সংগ্ৰহালয়ত উপযুক্ত বিজ্ঞানসন্মতভাৱে ৰাখিব নোৱৰাৰ বাবে বহুতো সামগ্ৰী বিশেষকৈ পৰিধান কৰা কাপোৰসমূহ নষ্ট হ'বলৈ ধৰিছে ।
এই সন্দৰ্ভত বিধায়ক পৃথ্বিৰাজ ৰাভাই কয়- "জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ যি সামগ্ৰীসমূহ আছে সেয়া বিজ্ঞানসন্মতভাৱে নথকা বাবে অনিষ্ট হ'বলৈ ধৰিছে । মই চৰকাৰক অনুৰোধ জনাইছো যে এই সামগ্ৰীসমূহ বিজ্ঞানসন্মতভাৱে সংগ্ৰহালয়ত সংৰক্ষণ কৰিব লাগে ।"
উল্লেখ্য় যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ এটা দলে পকীত থকা সামগ্ৰীসমূহ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰাৰ বাবে এক আঁচনি প্ৰস্তুত কৰিছিল অসম চৰকাৰৰ লগত । দলটোৱে আহি পকী পৰিদৰ্শন কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি ডিজিটেল মাধ্যমেৰে সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাম হাতত লৈছিল যদিও সেই কাম কাগজতে সীমাবদ্ধ হৈ থাকিল ।