অসম

assam

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ - Duplicate Medicine

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:42 PM IST

Golaghat Civil Hospital: গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ । ৰোগীৰ জীৱনক লৈ হেতালি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ । জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত যোগান ধৰা হৈছে ভেজাল ঔষধবিধ । গুণগত মান উন্নত নোহোৱাৰ বাবে জিলাখনত বন্ধ কৰে এই বিশেষ ঔষধবিধ ।

Health department has stopped distribution of a drug due to non-improvement in quality in Golaghat
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ (ETV Bharat Assam)

গোলাঘাট,২১ আগষ্ট: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । বিভিন্ন সময়ত বিতৰ্কই আৱৰি ৰাখে ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহক । কেতিয়াবা যদি চিকিৎসকৰ অভাৱত ৰোগীৰ মৃত্যু আন কেতিয়াবা আকৌ চিকিৎসকৰ গাফিলতিৰ অভিযোগ । এইবাৰ উত্থাপন হৈছে জীৱনদায়িনী ঔষধ জালিয়াতি হোৱাৰ অভিযোগ । গুণগত মান উন্নত নোহোৱাৰ বাবে গোলাঘাটৰ স্বাস্থ্য বিভাগে বন্ধ কৰিলে এবিধ ঔষধৰ বিতৰণ ।

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ (ETV Bharat Assam)

দুমাহৰ পূৰ্বে চৰকাৰী চিকিৎসালয়সমূহলৈ যোগান ধৰা এবিধ ঔষধ নমুনা সংগ্ৰহ কৰি গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ পিচতেই বন্ধ কৰিলে ঔষধবিধৰ বিতৰণ । গোলাঘাট জিলা ঔষধ পৰিচালক চন্দ্ৰশেখৰ মহনে জানিবলৈ দিয়া অনুসৰি গোলাঘাটৰ ড্ৰাগ ইন্সপেক্টৰে যোৱা ১০/৬/২৪ তাৰিখে কেলচিয়াম কাৰ্বনেট 500 mg Vit D3 250 IU নামৰ কেলচিয়াম টেবলেটবিধৰ লগতে কেইবাটাও ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

২৪ জুলাইত ঔষধ বিধৰ গুণগত মানদণ্ড উন্নত নোহোৱাৰ বাবে ২৫ জুলাইৰ পৰা কেলচিয়াম কাৰ্বনেট 500 mg Vit D3 250 IU নামৰ কেলচিয়াম টেবলেটবিধ জিলাখনৰ সকলো চিকিৎসালয়তে বিতৰণ বন্ধ কৰে ঔষধ বিতৰক কৰ্তৃপক্ষই । আনহাতে জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰলৈ এই ঔষধবিধ প্ৰায় আঠলাখ ঔষধ যোগান ধৰাৰ কথা উল্লেখ কৰে স্বাস্থ্য বিভাগে ।

আনহাতে এইসমূহ ঔষধৰ গুণগত মানদণ্ড উন্নত নোহোৱাৰ বাবে ঔষধবিধ বন্ধ কৰা হ’ল যদিও প্ৰায় আঠলাখ ঔষধ ৰোগীক দিয়াৰ কথা উল্লেখ কৰে । বৰ্তমান এই ঔষধবিধ গোলাঘাট জিলাত বন্ধ কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে বন্ধ হোৱাৰ কথা উল্লেখ কৰে জিলা ঔষধ পৰিচালকগৰাকীয়ে । এতিয়া প্ৰশ্ন হয় জীৱনদায়িনী ঔষধৰ এই জালিয়াতিৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে ? সেইয়া সময়েহে ক’ব ।

লগতে পঢ়ক:মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্রত দেশৰ চতুৰ্থ স্থানত অসম, ১৫-৪৯ বছৰ বয়সৰ ৬৬ শতাংশই এনিমিয়াত আক্ৰান্ত - Assam ranks 4th in anaemia in women

উৰণ সেতু নিৰ্মাণৰ দাবীত লখিমপুৰত ৰাজপথলৈ ওলাই আহিল ৰাইজ - Public Protest in Lakhimpur

ABOUT THE AUTHOR

...view details