মঙলদৈ, ১৪ অক্টোবৰ :একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ এই কথা প্ৰমাণ কৰিলে দিনহাজিৰা কৰা হাতেম আলীয়ে । ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰি উৎফুল্লিত পিতৃহাৰা হাতেম আলী । পিতৃবিহীন এটা জীৱন আৰু এটা সপোন । প্ৰতিদিনে ওলাই যায় হাজিৰা কৰিবলৈ- ক্ষুধাৰ তাড়নাত, পৰিয়ালটিক পোহপাল দিয়াৰ দায়িত্বত । কিন্তু তেনেদৰেই দিন অতিবাহিত কৰিলেও নিজৰ লক্ষ্য-উদ্দেশ্যৰ পৰা কণমানো আঁতৰি অহা নাছিল এইজন যুৱক ।
প্ৰায় তিনি বছৰ ধৰি একেৰাহে দৌৰাৰ লগতে সকলো ক্ষেত্ৰতে কষ্ট স্বীকাৰ কৰি আহিছিল হাতেম আলীয়ে । কিন্তু তথাপিও ভাগৰা নাছিল হাতেম । তেওঁ পুৱা ৪ বজাত শুই উঠি খেলপথাৰলৈ বুলি ওলাই যায় আৰু দৌৰাৰ লগতে নিজে নিজক প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈছিল হাতেম আলী ।
তাৰ পৰা উভতি আহি পুনৰ ৭ বজাত মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিবলৈ ওলাই যায় । সন্ধিয়া কামৰ পৰা উভতি আহি পুনৰ পঢ়া টেবুলত নিমগ্ন হয় । তেনেদৰেই এটি সৰু পঁজাৰ পৰাই তেওঁ দেখি আহিছিল ভৱিষ্যতৰ সপোন । কিন্তু সেই সপোন বাস্তৱায়িত কৰাত আছিল তীব্ৰ প্ৰত্যাহ্বান, তথাপিও কৰি গৈছিল অশেষ কষ্ট ।
অৱশেষত সফলতা লাভ কৰিলে হাতেমে । ভাৰতীয়া সেনাবাহিনীত নিযুক্তিৰ বাবে বাছনি লাভ কৰে দলগাঁৱৰ হাতেম আলীয়ে । আনহাতে, তেওঁৰ এই সফলতাৰ পিছত গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে তেওঁৰ এই কষ্টৰ স্বীকৃতিক সন্মান জনাই সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্শীবাদো দিয়ে হাতেম আলীক ।