নলবাৰী: স্বনামধন্য নাট্যকাৰ উগ্ৰ মেনা আৰু অভিনেতা জীৱেশ্বৰ ডেকা ক্ষেত্ৰত শুকুৰবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ।
শনিবাৰে পুৱা অসম নাট্য সন্মিলনৰ মূল পতাকা উত্তোলন কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস আৰু আদৰণি সমিতিৰ সভাপতি জিতেন শৰ্মাই ৷ ইয়াৰ পিছত স্মৃতি তৰ্পণ, বন্তি প্ৰজ্জ্বলন, মাল্যাৰ্পণ, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ পাছত সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মোহন ভাইৰাৰ সোঁৱৰণত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷
নাট্য সন্মিলনৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় ৷ এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই । অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা । তেওঁ ছত্তীশগড়ৰ ৰজা চক্ৰধ্বজ সিঙৰ নামত নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতালৈ এটি বঁটা দিয়াৰ কথা ঘোষণা কৰে ৷
ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কয়, "ছত্তীশগড় আৰু অসমৰ মাজত এটা সমন্বয় হ’ব লাগিব ৷ ছত্তীশগড়ৰ এখন বিশ্ববিদ্যালয়ত মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন দিয়াৰ প্ৰচেষ্টা কৰিছো ৷ ছত্তীশগড়ৰ ৰজা চক্ৰধ্বজ সিঙৰ নামত এটা চলন্ত বঁটা দিবলৈ ৰাজভৱনৰ পুঁজিৰ পৰা ২ লাখ টকা নাট্য সন্মিলনক দিয়া হ‘ব আৰু ইয়াৰ সুদৰ ধনেৰে এই বঁটা দিয়া হ’ব । এটা বঁটা নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতাজনক দিয়া হ’ব ৷" তেওঁৰ কাৰ্যকালতেই গুৰুজনাৰ নামত এই আসন প্ৰতিষ্ঠা কৰাৰ আশ্বাস দিয়ে ৰাজ্যপাল ডেকাই ।