ডিব্ৰুগড়,১৩ জুন:মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ অনন্য প্ৰতিভাসম্পন্ন শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক, সংগীত নাটক অকাডেমি টেগ'ৰ বঁটাপ্ৰাপক তথা পদ্মশ্ৰী গোপীৰাম বৰগায়ন গুৰুতৰভাৱে অসুস্থ হৈ দীৰ্ঘদিন ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । কফ আৰু শ্বাসজনিত সমস্যাত ভুগি যোৱা ৯ মে'ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল পদ্মশ্ৰী গোপীৰাম বৰগায়ন । ১০১ বছৰ গৰকা বুঢ়াভকত গোপীৰাম বৰগায়নক ইয়াৰ পূৰ্বে দুবাৰকৈ এ এম চিএইচত ভৰ্তি কৰোৱা হৈছিল । এইবাৰ স্বাস্থ্য অধিক অৱনতি ঘটাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুঢ়াভকতজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল এ এম চি এইচৰ কৰ্তৃপক্ষক ।
চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে দুই তিনিবাৰকৈ খবৰ লৈছিল ১০১ বছৰীয়া পদ্মশ্ৰী বুঢ়াভকত গোপীৰাম বৰগায়নৰ । আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰগায়নক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা পাছত স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ।