অসম

assam

ETV Bharat / state

এইবাৰ মাঘত নহ’ব ম’হ যুঁজ-বুলবুলি যুঁজ; আইনী নিৰ্দেশনা - BUFFALO AND BULBUL BIRD FIGHT BANS

অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ম'হ যুঁজ-বুলবুলি যুঁজ ৷ ৰাজ্য চৰকাৰৰ এছ অ’ পিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল "পেটা" নামৰ এটা স্বেচ্ছাসেৱী সংগঠন ।

BUFFALO AND BULBUL BIRD FIGHT BANS
অসমত সম্পূৰ্ণ নিষিদ্ধ হ’ল ম'হ যুঁজ আৰু বুলবুলি যুঁজ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 10:30 PM IST

Updated : Dec 17, 2024, 10:54 PM IST

গুৱাহাটী: এইবাৰ মাঘ বিহুৰ সময়ত অসমত ক’তোৱেই নহ’ব পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি যুঁজ ৷ কাৰণ, অসমত পুনৰ নিষিদ্ধ হ’ল ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে খাৰিজ কৰিলে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা এছ অ’ পি ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই এছ অ’ পিৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল "পেটা" নামৰ এটা স্বেচ্ছাসেৱী সংগঠন । গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ম'হ আৰু বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত হৈ থকা নৃশংসতাৰ সবিশেষ প্ৰমাণ । ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি যুঁজৰ ক্ষেত্ৰভিত্তিক তদন্ত কৰি পেটাই দাখিল কৰিছিল তথ্য । গোচৰীয়া পক্ষৰ তথ্য প্ৰমাণৰ ভিত্তিতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে ।

'পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ' (পেটা) ইণ্ডিয়াই দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰা এছ অ’ পি বাতিল কৰে ৷ এই এছ অ’ পিত মাঘৰ বিহুৰ সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমতি দিয়া হৈছিল । ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াই এই এছ অ’ পিয়ে ম’হ আৰু বুলবুলি যুঁজে পশুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধৰ নিয়ম উলংঘা কৰে বুলি যুক্তি আগবঢ়ায় ৷

পেটাৰ হৈ যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে ৷ পেটাৰ হৈ ন্যায়ালয়ত অধিবক্তা দাসে যুক্তি প্ৰদৰ্শন কৰে যে ম’হ যুঁজ আৰু বুলবুলি যুঁজে 'বন্যপ্ৰাণী ক্ৰুৰতা সুৰক্ষা আইন ১৯৬০' উলংঘা কৰে ৷ আনহাতে বুলবুলি যুঁজে 'বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২’ উলংঘা কৰে ।

আনহাতে, ন্যায়ালয়ে লগতে ৰাজ্য চৰকাৰৰ এছ অ’ পিএ ২০১৪ চনৰ ৭ মে’ত উচ্চতম ন্যায়ালয়ে এ নাগাৰাজা বনাম এনিমেল ৱেলফেয়াৰ বৰ্ডৰ গোচৰৰ ৰায় উলংঘন কৰে বুলিও ৰায়দান কৰে ।

ন্যায়ালয়ত পেটাই কি প্ৰমাণ দাখিল কৰিছিল:

এই গুৰুত্বপূৰ্ণ ৰায়দানৰ গোচৰৰ শুনানিত প্ৰমাণ হিচাপে পেটা ইণ্ডিয়াই এই যুঁজসমূহৰ ক্ষেত্ৰভিত্তিক তদন্তৰ কেতবোৰ প্ৰমাণ দাখিল কৰিছিল ৷ এই প্ৰমাণবোৰৰ ভিতৰত পেটাই ন্যায়ালয়ত দাখিল কৰিছিল যে যুঁজত আতংকিত আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ম’হবোৰক মাৰপিট কৰি যুঁজিবলৈ বাধ্য কৰোৱা হৈছিল ৷ মৰিগাঁও জিলাৰ আঁহতগুৰিত ২০২৪ৰ ১৬ জানুৱাৰীত হোৱা ম’হযুঁজৰ ক্ৰুৰতা ন্যায়ালয়ত দাঙি ধৰি ন্যায়াধীশক পতিয়ন নিয়াবলৈ সক্ষম হয় পেটা ।

আনহাতে, অনাহাৰে ৰাখি আৰু মাদক দ্ৰব্য খুৱাই কেইবাদিনো ধৰি বন্দী কৰি ৰখা বুলবুলি চৰাইবোৰক খাদ্যৰ বাবে যুঁজিবলৈ বাধ্য কৰোৱা হৈছিল । ইয়াৰ উপৰিও পেটা ইণ্ডিয়াই এছ অ’ পিৰ জৰিয়তে অনুমোদিত দিনবোৰৰ বাহিৰেও যে অবৈধভাৱে অনুষ্ঠিত হোৱা বহু ম’হ যুঁজবোৰত বহু ম’হ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ক্ৰুৰতাৰ বলি হোৱাৰ উদাহৰণ ন্যায়ালয়ত প্ৰমাণসহ দাখিল কৰিছিল ৷ এই বছৰৰ ১৫ জানুৱাৰীত হাজোত হোৱা বুলবুলি যুঁজৰ সবিশেষ প্ৰমাণ দাঙি ধৰা হয় ন্যায়ালয়ত ।

ন্যায়ালয়ৰ এই ৰায়ৰ পিছত পেটা ইণ্ডিয়াৰ মুখ্য আইনী অধিবক্তা অৰুণিমা কেডিয়াই এক বিজ্ঞপ্তিযোগে কয়, “ম’হ আৰু বুলবুলি হৈছে উন্মত্ত ভিৰৰ সন্মুখত ৰক্তক্ষয়ী যুঁজত লিপ্ত হ’ব নিবিচৰা অতি নম্ৰ প্ৰাণী, যিয়ে বেদনা আৰু আতংক অনুভৱ কৰিব পাৰে । কেন্দ্ৰীয় আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰা যুঁজৰ নামত জীৱ-জন্তুৰ ওপৰত চলা নিষ্ঠুৰতা নিষিদ্ধ কৰাৰ বাবে পেটা ইণ্ডিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞ ।”

লগতে পঢ়ক:সমগ্ৰ অসমত ম’হ যুঁজ বন্ধ কৰাটো নিশ্চিত কৰক : অসম চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ - Guwahati HC on Buffalo Fight

Last Updated : Dec 17, 2024, 10:54 PM IST

ABOUT THE AUTHOR

...view details