অসম

assam

ETV Bharat / state

সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰোতে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Fraud case in Dibrugarh - FRAUD CASE IN DIBRUGARH

Fraud in Dibrugarh: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বিভিন্ন প্ৰৱঞ্চনাৰ ঘটনা । ডিব্ৰুগড়ত সোণৰ গহণা চাফা কৰাৰ নামত আৰু মৰাণত কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰাৰ নামত প্ৰৱঞ্চকে লুটি নিলে মূল্যবান গহণা । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

Fraud on the pretext of cleaning gold ornaments and utensils
সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰাৰ নামত প্ৰৱঞ্চনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 11, 2024, 5:37 PM IST

সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰাৰ নামত প্ৰৱঞ্চনা (ETV Bharat Assam)

ডিব্ৰুগড়,১১ মে':ৰাজ্যৰ আৰক্ষী অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ হৈছে যদিও একাংশই সহজতে ধন ঘটাৰ বাবে লৈছে ন ন কৌশল । প্ৰৱঞ্চকৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্য । সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰাৰ নামত চলিছে প্ৰৱঞ্চনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘৰে ঘৰে গৈ সোণৰ গহনা চাফা কৰাৰ নামত প্ৰৱঞ্চনা কৰি অহা ঘটনা সংঘটিত হৈ অহা সময়ত ডিব্ৰুগড়তো অনুৰূপ ঘটনা সংঘটিত হ'ল আজি ।

ডিব্ৰুগড়ত এজন ব্যক্তিৰ ঘৰত সোণৰ গহণা চাফা কৰিবলৈ আহি ডেৰ লাখ টকীয়া সোণৰ চেইন লৈ উধাও হ'ল দুটা প্ৰৱঞ্চক । ডিব্ৰুগড়ৰ আমোলাপট্টীত তনুজ বৰুৱা আৰু বৰ্ণালী বৰুৱা নামৰ দম্পতীৰ বাসগৃহত দুজন অচিনাক্ত ব‍্যক্তিয়ে আহি সোণৰ গহনা চাফা কৰা ব‍্যক্তি বুলি নিজকে পৰিচয় দিয়ে । ব‍্যক্তি কেইজনৰ কথাত ভোল গৈ দম্পতীয়ে নিজৰ সোণৰ গহনা চাফা কৰিবলৈ উলিয়াই দিয়ে ।

লগতে গহনা লৈ চাফা কৰাৰ সময়ৰ দৃশ্য মোবাইলত আবদ্ধ কৰি থয় । গহনা চাফা কৰি অচিনাক্ত ব‍্যক্তি কেইজন ওলাই যোৱাৰ পাছতে সোণৰ চেইন নোহোৱা হোৱাত হাহাকাৰ লাগে । ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰা পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে প্ৰৱঞ্চককেইটাৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ।

ইফালে, মৰাণত সংঘটিত হয় আন এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা । মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথত শুকুৰবাৰে বিয়লি কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰিবলৈ আহি বহু লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ লৈ উধাও হ'ল প্ৰৱঞ্চক । জানিব পৰা অনুসৰি মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথৰ বিনীতা আগৰৱালা নাম মহিলাগৰাকীৰ গৃহলৈ কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰা ব্যক্তি বুলি এজন ব্যক্তি আহে ।

প্ৰৱঞ্চকৰ চলাহী কথাত ভোল গৈ কাঁহৰ বাচন চাফা কৰা পাছতে সোণৰ অলংকাৰ চাফা কৰিবলৈ দিয়ে । ইয়াৰ পাছতে চক্ৰান্ত কৰি পৰিয়ালটোৰ পৰা সোণৰ চেইন, হাতৰ খাৰু আৰু এটা আঙুঠি লৈ উধাও হয় প্ৰৱঞ্চক । চুৰি হোৱা সামগ্ৰীৰ মূল্য ২ লাখ ৫০ হাজাৰ হ'ব বুলি জানিব পৰা গৈছে । ইফালে এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰাৰ সময়ত আন এজন ঘৰৰ বাহিৰত ৰৈ থাকে । সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চি চি টিভি কেমেৰাত । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ । এই ঘটনাই মৰাণত চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক:শিৱসাগৰত চাকৰিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক ৰাইজে সোধালে উত্তম মধ্য়ম - Fraud In Sivasagar

ন্যায়াধীশৰ জাল চহী কৰি ৰঙাঘৰৰ আলহী হ'ল অধিবক্তা - Advocate Fraud Case

ধন দাবী কৰি জালত পৰিল ভুৱা চি বি আই বিষয়া - Fake CBI Officials In Jorhat

ABOUT THE AUTHOR

...view details