জোনাই: অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে বাঁহ ৷ বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহৃত আটাইতকৈ বহনক্ষম, পৰিৱেশ-অনুকূল তথা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বাঁহ । এই বাঁহ নিঃশেষ হ’ব নেকি আমাৰ মাজৰ পৰা ৷ এয়া পৰিবেশৰ বাবে অশনি সংকেত নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে । এফালৰ পৰা বাঁহ নিঃশেষ কৰাৰ আশংকাত ভুগিছে পৰিৱেশ কৰ্মীসকল ৷
মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনত বহিঃৰাজ্য়লৈ চালানা দিবলৈ সাজু কৰিছে হাজাৰ হাজৰ টন বাঁহ ৷ এই ষ্টেচনটোত নিতৌ জোনাইৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজৰ টন বাঁহ মজুত কৰিছে বহিঃৰাজ্যলৈ চালান দিয়াৰ উদ্দেশ্য়ে ৷ মধ্যপ্ৰদেশৰ কল-কাৰখানাৰ চাহিদা পূৰাবলৈ কাটি নিঃশেষ কৰা হৈছে অসমৰ শ শ হেক্টৰ সেউজীয়া বাঁহনিবাৰী ৷ কাটি পেলোৱা হৈছে জোনাইৰ গাঁও, চৰ-চাপৰিকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বাঁহনিবাৰী ।
অসমত কাগজ কল বন্ধ হ'লেও মধ্যপ্ৰদেশৰ বিভিন্ন কল-কাৰখানাৰ চাহিদা পূৰাবৰ বাবে অসমৰ পৰা ৰে’লেৰে দৈনিক সৰবৰাহ হৈছে হাজাৰ হাজাৰ টন বাঁহ ৷ সমান্তৰালকৈ জোনাইৰ পৰাও মধ্যপ্ৰদেশলৈ চালনৰ বাবে মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনত মজুত কৰা হৈছে পাহাৰ সদৃশ বাঁহৰ দ'ম । সামান্য মূল্যৰ বিনিময়ত শ শ হেক্টৰ সেউজীয়া বাঁহৰবাৰী ক্ৰমশ নিঃশেষ কৰি বাঁহ এনেদৰে সৰহবৰাহ হৈছে মধ্যপ্ৰদেশলৈ ৷