গুৱাহাটী,৩ ফেব্ৰুৱাৰী:সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে বাবে বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ' ফেষ্ট' । য'ত সকলো বৈদ্যুতিক সমাধান একেখন চালিৰ তলত উপলব্ধ হ'ব । গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেন্ট এছোচিয়েচনৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ পল্টন বজাৰৰ আশী আপছৰাত অনুষ্ঠিত হৈছে বৈদ্যুতিক এক্সপ' "ইলেক্ট্ৰ' ফেষ্ট"।
উক্ত এক্সপ' অনুষ্ঠানিকভাৱে উদ্বোধন কৰি ভাষণ প্রসংগত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জেমাৰ এই পদক্ষেপক শলাগ লয় । ৰাজ্যপালগৰাকীয়ে কয় যে, প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বৈদ্যুতিক এক্সপ' ইলেক্ট্ৰ' ফেষ্টত দেশৰ সকলো কোম্পানীক একত্ৰিত কৰা হৈছে । উত্তৰ-পূবৰ উদ্যোগিক খণ্ডৰ উন্নয়ন হৈছে । ব্যৱসায়ীৰ বাবে গ্ৰাহক দেৱতাতকৈ ডাঙৰ ।
তেওঁ লগতে কয় ২০৪৭ ৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে ভাৰতক শীৰ্ষ স্থানলৈ নিয়াৰ সপোন দেখিছে । মোদী ক্ষমতালৈ অহাৰ পিছত উত্তৰ-পূবত উন্নয়ন আৰু বিকাশ হৈছে । আজিৰ অনুষ্ঠানত সভাপতি নৱল কিশোৰ সাৰডা, উপ-সভাপতি তথা এক্সপ'ৰ অধ্যক্ষ গোপাল পছাৰী, সম্পাদক সাকেতৰাজ পুগলিয়া, এক্সপ'ৰ আহ্বায়ক অভিষেক কেজৰিৱাল, কোষাধ্যক্ষ নবীন ছেঠিয়া, পেনাচনিকৰ সঞ্চালক ৰাজেশ নন্দৱানীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।