তিনিচুকীয়া, ১৮ ছেপ্টেম্বৰ:চৰকাৰেৰাজ্য়ত উন্নয়নৰ গংগা বোৱাই দিয়া বুলি দাবী কৰাৰ সময়তেই এখন আদৰ্শ গাঁৱৰ ৰাইজ জ্বলন্ত সমস্য়াৰে ভাৰাক্ৰান্ত হৈ আছে । যেনি চাই তেনি দেখা পোৱা যায় উন্নয়নৰ নামত আভুৱাভাৰা এখন ছবি । এই আদৰ্শ গাঁৱতেই নাই কোনো সা-সুবিধা ।
২০১৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে । জয়লাভ কৰাৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা ৰামেশ্বৰ তেলী আৰু শ্ৰমমন্ত্ৰীৰ দায়িত্ব লাভ কৰা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে ঘোষণা কৰিছিল লাংকাচি গাওঁখন 'আদৰ্শ গাঁও' হিচাপে । কিন্তু ঘোষণাতেই যেন সীমাবদ্ধ হৈ ৰ’ল আদৰ্শ গাঁও ।
নিৰ্মাণৰ ১৫ বছৰ পিচতো কাৰ্যক্ৰম নহ'ল উপ-স্বাস্থ্য কেন্দ্ৰ
লাংকাচী আদৰ্শ গাঁৱত আছে এটা উপ-স্বাস্থ্য কেন্দ্ৰ । নামত আছে এই উপ-স্বাস্থ্য কেন্দ্ৰটো, কামত পিছে একো নাই । গোঁহালিলৈ পৰ্যবসিত হৈছে এই স্বাস্থ্যকেন্দ্ৰটো ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ ১৫ বছৰৰ পিচতো কাৰ্যক্ৰম নহ'ল আদৰ্শ পঞ্চায়তৰ এলেকাৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাচি গাঁৱৰ একমাত্ৰ উপ-স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান জহি-খহি গৈ ভূত বাংলাত পৰিণত হৈছে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা স্বাস্থ্য কেন্দ্ৰটোত আজিলৈকে নিয়োজিত নহ'ল কোনো চিকিৎসক, নাৰ্ছ । সামান্য বেমাৰ আজাৰ হ'লেই গাঁওবাসীয়ে যাব লাগে চহৰলৈ । জৰাজীৰ্ণ অৱস্থাত থকা এই উপ-স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
ভূত বাংলাসদৃশ অৱস্থা আদৰ্শ বিদ্যালয়ৰ
সমান্তৰালভাৱে এখন কেন্দ্ৰীয় চৰকাৰে দিয়া আদৰ্শ বিদ্যালয় আছে এই গাঁওখনত । পাঠ্যক্ৰম অব্যাহত আছে যদিও আদৰ্শ বিদ্যালয়ৰ নামত আছে আন এটা ভূত বাংলাসদৃশ হাবি, বননিৰে ভৰপূৰ জৰাজীৰ্ণ গৃহ । আজি পৰ্যন্ত নহ'ল আৰ্থ ফিলিং, নহ'ল চাৰিসীমাৰ পকী বেৰ । খেলপথাৰ,ৰাস্তা-ঘাট, চিকিৎসা সেৱা, বিদ্যালয়, কৃষি ওপৰত কি পালে আদৰ্শ গাঁৱৰ ৰাইজে, শুনিলে আপোনাৰ চকু কপালত উঠিব ৷