ধেমাজি:‘‘হৰ ঘৰ নল হৰ ঘৰ জল’’ শ্ল’গান দিয়া ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ ৰেট্ৰ ফিটিং আঁচনিৰ অধীনৰ জলমিত্ৰসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ বিগত ১০/১৫ বছৰে বিভাগটোত অস্থায়ী হিচাপে কৰ্মৰত পূৰ্বৰ জলমিত্ৰসকলে বৰ্ধিত মূল্যবৃদ্ধিৰ দিনতো 6,500 টকাৰে পৰিয়াল পোহপাল দিবলগীয়া পৰিস্থিতি হৈছে । সেয়েহে এইসকল জলমিত্ৰৰ মাজত সৃষ্টি হৈছে ক্ষোভ ।
সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত এইক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেৱ কুমাৰ শৰ্মাই ৷ সংগঠনটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "আমাৰ দাবীসমূহৰ বাবে চৰকাৰক অনুনয়-বিনয় কৰি আন্দোলন কৰি আহিছো ৷ মন্ত্ৰীসকলে বিভিন্ন কথা কৈ আহিছে যদিও আমাৰ দাবীসমূহ কাৰ্যকৰী কৰা নাই ৷’’
‘‘আমি প্ৰস্তাৱ লৈছিলো যদি ডিচেম্বৰলৈকে আমাৰ সমস্যা সমাধান নকৰে তেন্তে বিধানসভাৰ শীতকালীন অধিৱেশন আৰু উপ-নিৰ্বাচনৰ সময়তে বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিম । এই প্ৰস্তাৱ চৰকাৰক জনাইছিলো ৷ ইয়াৰ পিছতে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে যে আগন্তুক ২০২৫ চনৰ জানুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ বাবে বৃহৎ ঘোষণা কৰিব ৷ সেয়ে ঘোষিত আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছো ।" তেওঁ কয় ৷
তেওঁ পুনৰ কয়, "হাজাৰ হাজাৰ জলমিত্ৰই আশা কৰি আছে চৰকাৰে আমাক কিবা এটা সিদ্ধান্ত দিব পৰিয়ালবোৰ চলিবলৈ । এটা ৰাজনৈতিক দল আৰু আমাৰ মাজত বৃহৎ পাৰ্থক্য আছে ৷ আমাৰ শ্ল’গানতে আছে যে হৰ ঘৰ নল হৰ ঘৰ জল ৷ আমাৰ জলমিত্ৰসকল প্ৰতিটো পৰিয়ালতে জড়িত । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক অনুৰোধ জনাইছো যাতে ৰাজনৈতিক কথা নাপাতিব ৷ আগন্তুক 2025 বৰ্ষৰ পহিলা জানুৱাৰীত নতুন খবৰ পাম বুলি আশাবাদী ৷"