অসম

assam

ETV Bharat / state

সুনীল গগৈকাণ্ডত নতুন মোৰ, ঘৰৰ কাষতে উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ ?

অন্ত পৰা নাই সুনীল গগৈকাণ্ডৰ । সন্ধানহীন সুনীল গগৈক বিচাৰি অভিযান অব্যাহত থকাৰ মাজতে ওলাল ছিন্নমুণ্ড । পিছে কাৰ এই ছিন্নমুণ্ডটো ?

Dhakuakhana Murder Case, Recovered severed head of Unknown person
সুনীল গগৈ কাণ্ডত নতুন মোৰ, এইবাৰ উদ্ধাৰ ছিন্নমুণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 10:00 PM IST

Updated : Dec 1, 2024, 11:42 AM IST

লখিমপুৰ:ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ সুনীল গগৈকাণ্ডই পুনৰ এবাৰ চৰ্চা লাভ কৰিছে । সুনীল গগৈৰ ঘৰৰ ওচৰতেই শনিবাৰে সন্ধান উদ্ধাৰ হয় এটা ছিন্নমুণ্ড । ছিন্নমুণ্ডটো ওলোৱাৰ লগে লগেই সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰে তীব্ৰ চাঞ্চল্য ।

কিদৰে উদ্ধাৰ হ’ল ছিন্ন নৰমুণ্ড ?

শনিবাৰৰ পুৱাৰ ঘটনা । লখিমপুৰ জিলাৰ ঢকুৱাখনা-শিঙিয়া-লাওকোঠ-গোবিন্দপুৰ সংযোগী লোকনিৰ্মাণ পথৰ শিঙিয়া দলঙৰ তলত উদ্ধাৰ হয় এটা ছিন্নমুণ্ড । এটা বস্তাৰ ভিতৰত পলিথিনৰ পেকেটৰ ভিতৰত উদ্ধাৰ হয় ছিন্নমুণ্ডটো । মাছ মাৰি থাকোতে মাছমৰীয়াৰ খেৱালি জালত পৰে এটা গধুৰ বস্তা । বস্তাটো এডাল এলুমিনিয়ামৰ তাঁৰেৰে টানকৈ বন্ধা আছিল । এটা বল্ডাৰসহ বস্তাটোৰ ভিতৰত আছিল মুণ্ডটো । বস্তাৰ ভিতৰত এটা তাবিজ, এডাল ব্ৰাছ, তেলৰ বটল উদ্ধাৰ হয় মুণ্ডটোৰ সৈতে ।

সুনীল গগৈকাণ্ডত নতুন মোৰ, এইবাৰ উদ্ধাৰ ছিন্নমুণ্ড (ETV Bharat Assam)

কাৰ ছিন্ন মুণ্ড এয়া ?

আৰক্ষীৰ ভাষ্য অনুসৰি, ১ জুনৰ নিশা ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ বিজেপি পালিনেতা তথা ঠিকাদাৰ সুনীল গগৈয়ে পৰিকল্পিতভাৱে সংঘটিত কৰিছিল এক নাৰকীয় হত্যাকাণ্ড । য’ত তেওঁ জাহাংগীৰ নামৰ ৰাজমিস্ত্ৰীজনক হত্যা কৰি তেওঁৰ মুণ্ডহীন মৃতদেহটো জ্বলাই দিছিল । প্ৰথম অৱস্থাত সুনীল গগৈক হত্যা কৰি মূৰ কাটি লৈ যোৱাৰ লগতে শৰীৰটো জ্বলাই দিয়া বুলি ধাৰণা কৰা হৈছিল ।

পিছত আৰক্ষীয়ে কৰোৱা ডিএনএ পৰীক্ষাৰ ফলাফলে নিশ্চিত কৰে যে মৃতদেহটো সুনীল গগৈৰ নাছিল । মৃতদেহটো সুনীল গগৈৰ বাবে জল জীৱন মিছনৰ মিস্ত্রী হিচাবে কাম কৰা জাহাংগীৰ হুছেইনৰহে বুলি নিশ্চিত হয় । তাৰ পিছতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডত সুনীল গগৈকে অভিযুক্ত কৰি আৰক্ষীয়ে সুনীল গগৈৰ সন্ধান দিওতালৈ পুৰস্কাৰো ঘোষণা কৰিছিল ।

কিন্তু বৰ্তমানো ভয়ংকৰ হত্যাকাণ্ডটোৰ তদন্তত বিশেষ সফলতা লাভ কৰিব পৰা নাই তদন্ত চলাই থকা চিআইডিয়ে । উদ্ধাৰ হোৱা নাছিল জাহাংগীৰৰ ছিন্নমুণ্ড । বৰ্তমানলৈ কোনো সন্ধান লাভ কৰিব পৰা নাই সুনীল গগৈৰ ।

ৰাজমিস্ত্ৰী জাহাংগীৰৰ মূৰ নেকি এইটো ?

স্বাভাৱিকতেই প্ৰশ্ন উঠিছে সুনীল গগৈৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত উদ্ধাৰ হোৱা মুণ্ডটো ৰাজমিস্ত্ৰী জাহাংগীৰৰ নেকি ? সুনীল গগৈৰ পত্নী পুষ্পা গগৈ(বনশ্ৰী)য়ে ছিন্ন নৰমুণ্ডটো তেওঁৰ স্বামীৰ নহয় বুলি উদ্ধাৰস্থলীত আহি নিশ্চিত কৰে । নৰমুণ্ডটোৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰীবোৰো তেওঁৰ স্বামীৰ নহয় বুলি সদৰী কৰে । মুণ্ডটো কাৰ সেয়া ফৰেনচিকৰ ফলাফলতহে নিশ্চিত হ’ব ।

কিন্তু প্ৰায় ৭০ শতাংশ গলি যোৱা মূৰটোৰ চুলিৰ অৱশিষ্টলৈ লক্ষ্য কৰি মূৰটো কোনো পুৰুষৰ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰাথমিকভাৱে ক’ব পৰা যায় । সেই সূত্ৰে ছিন্ন মূৰটো ৰাজমিস্ত্ৰী জাহাংগীৰৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে । লগতে, সেই অঞ্চলত মুণ্ড ছিন্ন কৰা এনে আন ঘটনা সংঘটিত নোহোৱালৈ লক্ষ্য কৰিও জাহাংগীৰৰে মূৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । সঠিক তথ্যৰ বাবে অপেক্ষা কৰিব লাগিব ফৰেনচিকৰ ফলাফললৈ ।

লগতে পঢ়ক:অসমৰ বাহিৰত আত্মগোপন সুনীল গগৈৰ: আৰক্ষীৰ হাতত পৰিছে বিশেষ প্ৰমাণ - Dhakuakhana murder case

এপষেক পাৰ হ’ল; আজি পৰ্যন্ত সন্ধান নোলাল সুনীল গগৈৰ হত্যাকাৰীৰ - DHAKUAKHANA MURDER

Last Updated : Dec 1, 2024, 11:42 AM IST

ABOUT THE AUTHOR

...view details