লখিমপুৰ, ২৬ জুন:ঢকুৱাখনাৰ লোমহর্ষক হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰেও লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলিল সুনীল গগৈৰ পত্নী আৰু পুত্রৰ । মঙলবাৰে নিশা পৰ্যন্ত তেওঁলোকক জেৰা কৰাৰ পাচত যাবলৈ দিয়ে যদিও বুধবাৰে পুৱাই পুনৰ দুয়োকে হাজিৰ কৰি সন্ধিয়া পৰ্যন্ত আৰক্ষী, এছআইটি আদিয়ে জেৰা চলায় ৷
সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা (ETV Bharat Assam) লগতে পঢ়ক:সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ - Dhakuakhana Murder case
প্ৰথমাৱস্থাত অগ্নিদগ্ধ মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ বুলি ভবা হৈছিল যদিও ডিএনএ পৰীক্ষাৰ পিচত এই ঘটনাই নতুন মোৰ লয় ৷ আচলতে সেই মৃতদেহটো আছিল সুনীল গগৈৰ ঘৰতে থাকি জলজীৱন অভিযানৰ কাম কৰা ধুবুৰীৰ জাহাংগীৰ নামৰ এজন যুৱকৰ ৷ তাৰ পিচতেই বহু কেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহে ৷ সুনীল গগৈক এই হত্যাকাণ্ডৰ মূল পলাতক আচামী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case
উল্লেখ যে যোৱা এক জুনৰ নিশা ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱত সংঘটিত ৰহস্যজনক হত্যাকাণ্ডটোৰ বুধবাৰৰে ২৬ দিন হ’ল । ঘটনা সন্দৰ্ভত ঢকুৱাখনা থানাত পঞ্জীয়ন হোৱা গোচৰ মৰ্মে আৰক্ষীয়ে সুনীলৰ পত্নী, পুত্র আৰু ভতিজাকক জেৰা কৰাৰ পাচত মঙলবাৰৰ পৰা তেওঁলোকক জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে ।
লগতে পঢ়ক:ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ড : জানাজা নহ'ব জাহাংগীৰৰ - Dhakuakhana Murder case
সুনীলৰ পত্নী আৰু পুত্রক আৰক্ষীয়ে নিৰন্তৰ জেৰা কৰি থকাৰ বাহিৰে এই মুহূর্তত ঘটনাটো সন্দৰ্ভত আন একো বিশেষ তথ্য প্ৰকাশ হোৱা নাই । স্থানীয় লোকে সুনীল গগৈৰ পৰিয়ালক এনেদৰে হাৰাশাস্তি নকৰিবৰ বাবে আহ্বান জনাইছে । ইফালে বৰ্তমানেও কোনো সন্ধান ওলোৱা নাই সুনীল গগৈৰ ৷ ছিন্ন মুণ্ডটোৰো কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে ৷ কেতিয়াকৈ এই ৰহস্যঘন হত্যাকাণ্ডৰ আঁৰকাপোৰখন আঁতৰিব সেয়া বৰ্তমান এক উত্তৰ বিহীন প্ৰশ্ন হৈ ৰৈছে ৷
লগতে পঢ়ক:সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case