অসম

assam

ETV Bharat / state

আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

Durga Puja 2024: দেৱী দুৰ্গাক আজি যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিদায় দিব ভক্তসকলে । প্ৰতিমা বিসৰ্জনৰ লগতে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ উচাহ ।

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 1:05 PM IST

Durga Puja 2024
আজি বিজয়া দশমী (ETV Bharat Assam)

গুৱাহাটী, ১২ অক্টোবৰ:আজি বিজয়া দশমী । দেৱী পক্ষৰ ষষ্ঠী তিথিৰ দিনা বৈদিক নীতি নিয়মেৰে বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ভক্তসকলে । ইয়াৰ লগতে নিজম পৰিব ৪ দিন ধৰি ঢাক আৰু ঘণ্টাৰ লগতে মন্ত্ৰোচ্চাৰণ আৰু মংগল ধ্বনিৰে মুখৰিত হৈ পৰা ৰাজ্য । সামৰণি পৰিব শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰাজমান উৎসৱমুখৰ পৰিৱেশৰ ৷

লগতে পঢ়ক:প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নুনমাটি জয়পুৰঘাট

বিজয়া দশমীৰ লগত জড়িত হৈ আছে সনাতন ধৰ্মাৱলম্বী লোকসকলৰ এক অনন্য আবেগ । দোলাৰে আহি আজি ঘোঁৰাত উভতিব মা দুৰ্গা আৰু লোকাৰণ্য হৈ থকা পূজা পেণ্ডেলসমূহ হৈ পৰিব নিতাল-নিস্তব্ধ৷ অশ্ৰুসিক্ত নয়নে দেৱীক এইবেলি বিদায় জনাই মাৰ ভক্তসকলে পুনৰ অপেক্ষা কৰিব আন এটা বছৰৰ বাবে । বিজয়া দশমী কেৱল দেৱীৰ বিদায়ৰ ক্ষণেই নহয়, ই হৈছে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ প্ৰতীক৷ সমাজত শান্তি- সম্প্ৰীতি, প্ৰেম, ভাতৃত্ববোধ স্থাপনৰ এক পৰম্পৰা ৷

মা দুৰ্গাক বিসৰ্জনৰ বাবে সাজু হৈছে গুৱাহাটীৰ পূজা সমিতি

বিজয়া দশমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন পূজা সমিতিসমূহে দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন আজিৰ পৰাই আৰম্ভ কৰিছে । অৱশ্যে আজি মহানগৰীৰ একাংশ পূজা সমিতিয়েহে মূৰ্তি বিসৰ্জন দিব ৷ বিজয়া দশমীৰ বাবে সাজু কৰি তোলা হৈছে মহানগৰীৰ কাছমাৰী ঘাট, চূনচালি ঘাট, পাণ্ডু ঘাট । যিহেতু তিথি অনুসৰি আজিয়ে দশমী পূজা অনুষ্ঠিত হৈছে গতিকে কাছমাৰী ঘাটত ২৯ খন পূজা সমিতিয়ে আজিয়ে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিব ৷ দেওবাৰে ১২৩ খন পূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব বুলি প্ৰশাসনৰ পৰা জানিব পৰা গৈছে ।

তিমা বিসৰ্জনৰ বাবে সাজু নদী ঘাট (ETV Bharat Assam)

আনহাতে চূনশালিত প্ৰায় ২৫ খন পূজা কমিটিয়ে আজি দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিব । পাণ্ডু ঘাটত দেওবাৰ আৰু সোমবাৰে বিসৰ্জন হ'ব বুলি বিসৰ্জন সমিতিয়ে জনায় । তেওঁলোকে জনোৱা অনুসৰি বিসৰ্জনৰ দুদিনত পাণ্ডু ঘাটত ১২০-১২৫ খন পূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সম্ভাৱনা আছে । মহানগৰীৰ বশিষ্ঠ ঘাট, শাওকুছি ঘাট, ভেটাপাৰা, ডিগাৰু ঘাট, সোণাপুৰ ঘাট, বৰ্ণিহাট ঘাটকে ধৰি বিভিন্ন স্থানত দেৱীৰ বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে এইবাৰ গুৱাহাটী মহানগৰীত চাৰি শতাধিকতকৈ অধিক পূজা অনুষ্ঠিত হৈছিল । তাৰে ভিতৰত অধিকাংশ পূজা সমিতিয়ে কাইলৈ দেৱীৰ প্ৰতিমা বিসৰ্জন দিব । দেৱী বিসৰ্জনৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে গুৱাহাটীত জাৰি কৰিছে পথ নিৰ্দেশনা । নিৰ্দিষ্ট পথৰেহে বিসৰ্জনৰ বাবে নিব পাৰিব দেৱীৰ মূৰ্তি ।

তিমা বিসৰ্জনৰ বাবে সাজু নদী ঘাট (ETV Bharat Assam)

জ্যোতিষ শাস্ত্ৰবিদ শ্ৰী শ্ৰী ঘোষে এইবাৰ দেৱী আগমন আৰু গমন সন্দৰ্ভত কৈছে, "দেৱী দুৰ্গা দোলাত আহি ঘোঁৰাত গমন কৰিব । ফলত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে এখন দেশে আন এখন দেশৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ সম্ভাৱনা অধিক দেখা পোৱা যাব । দেৱী দোলাত অহাৰ লগে লগে মহামাৰী হ'ব বুলি কোৱা আছে যদিও আজিৰ পৰা ৪৫ দিনত ধ্যান, প্ৰাণায়ম আদি কৰিলে সমাধান সূত্ৰ ওলাব পাৰে ।"

লগতে পঢ়ক:দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ

ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ?

ABOUT THE AUTHOR

...view details