অসম

assam

ETV Bharat / state

লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ, সষ্টম জিলা স্বাস্থ্য বিভাগ - DANGE OUTBREAK

DANGE OUTBREAK IN LAKHIMPUR: লখিমপুৰত ডেংগুৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ কিছু পৰিমাণে জিলাখনত এই ৰোগ ধৰা পৰিছে ৷ যাৰ বাবে জিলা স্বাস্থ্য বিভাগ সষ্টম হৈ আছে আৰু ৰাইজক কেৱল সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:21 PM IST

DANGE OUTBREAK IN LAKHIMPUR
ডেংগুৰ ৰোগৰ প্ৰাদুৰ্ভাৱ (ETV BHARAT ENGLISH DESK)

লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ (ETV BHARAT ASSAM)

লখিমপুৰ, 8 মে’ :লখিমপুৰত প্ৰাদুৰ্ভাৱ ঘটিছে ডেংগু ৰোগৰ ৷ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বিমান শৰ্মাই সদৰী কৰা অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে জিলাখনত দুজন ৰোগী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ তেনেদৰে জাপানীছ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত বুলি 24 জন ৰোগীক চিনাক্ত কৰা হৈছে ৷ লগতে 11 জন ডেংগুত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে ৷ অৱশ্যে তেওঁলোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷

জিলাখনত এনে ৰোগসমূহৰ ভিতৰত বিশেষ কৈ ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰত্যক্ষ কৰি জিলা স্বাস্থ্য বিভাগ সষ্টম হৈ আছে ৷ বিশেষকৈ এনে বাহক জনিত ৰোগ যাতে বিয়পিব নোৱাৰে তাৰ বাবে 5 হেজাৰ 384 খন ঔষধিযুক্ত আঁঠুৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়াগৰাকীয়ে ৷ 8 খন গাঁৱত ধোঁৱা দিয়া হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ ৷ লগতে 16 হাজাৰ 57 খন সজাগতামূলক সভাৰ ব্যৱস্থা কৰা হৈছে বুলিও কয় তেওঁ ৷

বিগত বৰ্ষত এনে ৰোগ ধৰা পৰা 8 টা স্থানত অনূভাষ যন্ত্ৰৰে সজাগতামূলক প্ৰচাৰ চলোৱা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ জিলাখনৰ বিশেষকৈ মহে এনে ৰোগ বিয়পোৱাৰ আশংকা থকা 52 হেজাৰ 600 টা পৰিয়ালত বিভাগে পদাৰ্পণ কৰি ব্যবস্থা গ্ৰহণ কৰাৰ লগতে 33 হাজাৰ জন লোকৰ ৰক্তৰ নমুনা সংগ্ৰহ কৰিছে ৷ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে এই ক্ষেত্ৰত ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি ৰাইজক কেৱল সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷

বিগত বৰ্ষৰ তুলনাত জিলাখনত এইবাৰ এনে ৰোগৰ প্ৰাদুৰ্ভাৱ নগন্য বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, এনে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূর্ণ সক্ষম ৷ প্ৰয়োজনীয় ঔষধ-পাতিৰ পৰা আৰম্ভ কৰি পৰীক্ষা-নিৰীক্ষাৰ সকলো ব্যবস্থা জিলাখনত পৰ্যাপ্ত আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়াজনে ৷ তেওঁ মেডিকেল কলেজৰ পৰা বেচৰকাৰী চিকিৎসালয়ত এনে ৰোগীৰ বাবে সংৰক্ষিত বিচনা, আই চি ইউ আদিৰ সকলো ব্যবস্থা থকা বুলি উল্লেখ কৰি ৰাইজক মুঠেও ভীতিগ্ৰস্ত নহৈ সজাগ-সচেতন হ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ দাবীত আপ অসমৰ প্ৰতিবাদ - Medicine Price Hike

ABOUT THE AUTHOR

...view details