উচ্ছেদিত পৰিয়ালক 10 লাখৰ পৰিৱৰ্তে 50 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী (ETV Bharat Assam) নগাঁও, 4 মে’: 2022 চনৰ 21 মে’ত সংঘটিত বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা এক ঘটনা ৷ একাংশ লোকে থানাখন জ্বলাই দিয়াৰ লগতে অভিযুক্তৰ বাসগৃহত আৰক্ষীয়ে বুলড’জাৰ চলাই উচ্ছেদ কৰা ঘটনাক লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায় ।
উল্লেখ্য যে 2022ৰ 22 মে’ত নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ । ছফিকুলৰ মৃত্যুৰ পিচতেই বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল লংকাকাণ্ড ।
মৃত্যু হোৱা ছফিকুল ইছলামৰ পৰিয়াল তথা আত্মীয়ই বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল থানাখনত । আৰক্ষী থানা জ্বলাই দিয়াৰ অভিযোগতেই পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহত বুলড’জাৰ চলাই কেবাটাও বাসগৃহ উচ্ছেদ কৰিছিল ।
সমগ্ৰ ৰাজ্য কঁপাই যোৱা ঘটনাটোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনেইদ খলিফে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে । উক্ত আবেদনৰ ভিত্তিত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায় প্ৰদান কৰে । আবেদনকাৰী অধিবক্তা জোনেইদ খলিফে জনোৱা মতে ন্যায়ালয়ৰ ৰায়দান অনুসৰি সেই সময়ৰ নগাঁও আৰক্ষীয়ে বাসগৃহ উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক অসম চৰকাৰে দহ লাখ টকা ক্ষতিপূৰণ দিবলগীয়া হৈছে ।
কিন্তু আবেদনকাৰী অধিবক্তাগৰাকীয়ে দাবী জনাইছে যে দহ লাখৰ বিপৰীতে প্ৰতিটো পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে ৷ অধিবক্তাগৰাকীয়ে কয় যে উচ্ছেদৰ ফলত পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ, আয়ৰ উৎসৰ সকলো শেষ হৈ গ’ল ৷ গতিকে 10 লাখ টকাৰ ক্ষতিপূৰণ যথেষ্ট কম হোৱা বুলি কয় অধিবক্তা জোনেইদ খলিফে ৷
লগতে পঢ়ক:উচ্চ ন্যায়ালয়ৰ বিষোদগাৰ: শাস্তিৰ সন্মুখীন হ’ব পাৰে বটদ্ৰবা বুলড’জাৰকাণ্ডত জড়িত বিষয়া