অসম

assam

দীপৰ বিলত ভয়াবহ প্ৰদূষণ: পামহী নলাৰ লগতে ডাম্পিং গ্ৰাউণ্ডেই মূল কাৰণৰ অভিযোগ - Deepor Beel Suraksha Manch

By ETV Bharat Assamese Team

Published : May 19, 2024, 5:39 PM IST

Deepor Beel : পামহী কেনেলৰে পেলাই অহা দূষিত পানী আৰু ডাম্পিং গ্ৰাউণ্ডৰ বৰ্জিত পদাৰ্থই দীপৰ বিলত সৃষ্টি কৰিছে ভয়াবহ প্ৰদূষণ ৷ এই অভিযোগ দীপৰ বিল সুৰক্ষা মঞ্চৰ ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে মঞ্চই ৷

Deepor Beel
দীপৰ বিলত ভয়াবহ প্ৰদূষণ (ETV Bharat Assam)

গুৱাহাটী, ১৯ মে’ : দেশী-বিদেশী চৰাইৰ বিচৰণথলী আৰু এটা সময়ত চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিক ৰামছৰ ক্ষেত্ৰত স্থান লাভ কৰা দীপৰ বিল এতিয়া অস্তিত্বৰ সংকটত ভুগিছে ৷ বিশেষকৈ পামহী কেনেলৰে অহৰহভাবে বৈ থকা গুৱাহাটীৰ দূষিত পানী আৰু বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্ৰায় তিনি বছৰ পূৰ্বে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ পৰা বৈ অহা বৰ্জিত পদাৰ্থই দীপৰ বিলৰ পানী ভয়াবহভাবে প্ৰদূষিত কৰি আহিছে ।

বিগত কেইটামান দিনত দীপৰ বিলৰ পানীৰ বৰণ সেউজীয়া হৈ পৰা পৰিলক্ষিত হৈছে । আনকি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চই বিলখনৰ পানী জনস্বাস্থ্যৰ দিশৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰি অহা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:দীপৰ বিলৰ চাৰিওফালে নিৰ্মাণ হ’ব মথাউৰি, পৰ্যটকৰ বাবে থাকিব নৌকা বিহাৰৰ সুবিধা

এই সন্দৰ্ভত মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, কাৰ্যকৰী সভাপতি গোলক দাস, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে ২০২১ চনৰ আগষ্ট মাহত গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰ বিৰুদ্ধে মঞ্চই জন্মলগ্নৰে পৰা মাত মাতি আহিছে ।

দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকেও মঞ্চই মাত মাতি আহিছে । ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও দীপৰ বিলৰ পানী ভয়াবহভাৱে প্ৰদূষণ হোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । মঞ্চই সদায় দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰে ।

লগতে পঢ়ক:আজিও ফাইলতে আৱদ্ধ দীপৰ বিলক সংৰক্ষণ তথা উন্নয়নৰ বিস্তৃত প্ৰকল্প

কিন্তু পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু পামহী কেনেলৰে অহৰহভাবে বৈ অহা দূষিত পানীভাগে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে । যাৰবাবে পূৰ্বৰ দৰে নহা হৈছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই । মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ । বিলুপ্ত হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ । ভয়াবহভাবে পানী দূষিত হোৱাৰ ফলত আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে ।

লগতে পঢ়ক:অবিবেচক কাণ্ডই সৰ্বনাশ মাতিছে দীপৰ বিলৰ; ৰাজনীতিতে ব্যস্ত চৰকাৰ !

ABOUT THE AUTHOR

...view details