গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীত অসমৰ মুখ্য সচিবলৈ বুধবাৰে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ পত্ৰখনত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷
ইউৰোপত বিগত ত্ৰিশটা বছৰে এখনো উৰণ সেতু নিৰ্মাণ হোৱা নাই:
পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে, “দীঘলীপুখুৰী পাৰ-নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীবাসীৰ জীৱন বিপন্ন কৰি তুলিছে চৰকাৰে । গুৱাহাটীৰ ঐতিহ্য, পৰিৱেশ, জৈৱ বৈচিত্ৰ, সৰ্বসাধাৰণ লোকৰ জীৱিকা আৰু জীয়াই থকাৰ অধিকাৰ বিপন্ন কৰি চৰকাৰে যি উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে সেয়া শীঘ্ৰে বন্ধ কৰা উচিত । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে গুৱাহাটীৰ যাতায়ত সুগম কৰিবলৈ এনে উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি দাবী কৰিলেও ইয়ে যাতায়তৰ বাট সুগম নকৰাটো ইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ অভিজ্ঞতাই স্পষ্ট কৰি দিছে । যাৰ বাবে ইউৰোপৰ কোনো এখন দেশতে বিগত ত্ৰিশটা বছৰে এনে কাম কৰা হোৱা নাই । ইয়াৰ বিপৰীতে আমেৰিকাই ইয়াৰ তিক্ত অভিজ্ঞতাৰ ভিত্তিত সম্প্ৰতি এইবোৰ ভাঙিবলৈহে আৰম্ভ কৰিছে । বিশ্বৰ অগ্ৰণী দেশসমূহৰ অভিজ্ঞতাৰ পৰা শিক্ষা নলৈ অসম চৰকাৰে এনে উৰণ সেতু নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰি অসমৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ, পৰিৱেশ ধ্বংস কৰাতে ক্ষান্ত নাথাকি গুৱাহাটীবাসীৰ জীৱন আৰু জীৱিকা বিপৰ্যস্ত কৰি তুলিছে ।"
নিৰ্মাণ বন্ধ নকৰিলে গুৱাহাটীবাসীৰ জীৱন বিপন্ন হ’ব:
“২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী- নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । এই কাম ২০২৬ চনৰ ভিতৰত শেষ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি বিগত ১১টা মাহত প্ৰাৰম্ভিক কাম-কাজ চলাই আছে । প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজৰ নামতেই গুৱাহাটীবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে । প্ৰাৰম্ভিক পৰ্যায়ৰ কামত শব্দ আৰু ধূলিৰ প্ৰদূষণে শিশু, বৃদ্ধ আৰু ৰোগাক্ৰান্ত লোকৰেই নহয়, সৰ্বসাধাৰণ পথচাৰী তথা স্থানীয় বাসিন্দাসকলৰো জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।” শইকীয়াই এইদৰেও উল্লেখ কৰে পত্ৰখনত । ইয়াৰ উপৰিও এই নির্মাণকার্য আৰম্ভ কৰা অঞ্চলটোত কৃত্ৰিম বান আৰু প্ৰ ল যানজঁটে পথচাৰীৰ লগতে স্থানীয় বাসিন্দাসকলৰ জীৱন বিপন্ন কৰি তুলিছে বুলি পত্ৰখনত কয় বিৰোধীৰ দলপতিগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰে— “এনে নির্মাণকাৰ্যৰে কমিচনৰ অংকত ব্যস্ত বিজেপি নেতৃত্বাধীন চৰকাৰে উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ বন্ধ নকৰিলে গুৱাহাটীবাসীৰ জীৱন বিপন্ন হৈ পৰিব ।”