ডিব্ৰুগড়:ডিব্ৰুগড়ৰ ৰাজপথত টেম্পো চালকৰ গুণ্ডাৰাজ । টেম্পো চালকে যাত্ৰীক বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হয় ভয়ংকৰ ঘটনা । ৰাজপথতে ইউনিফৰ্ম পৰিধান কৰি থকা মূকবধিৰ গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰে টেম্পো চালকে ।
ঘটনা অনুসৰি, বুধবাৰে বিয়লি AS-06-BC-0081 নম্বৰৰ লেপেটকটাৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়লৈ চলাচল কৰা এখন টেম্পোৰ চালকে ৰাজপথতে সংঘটিত কৰে নিৰ্লজ্জ কাণ্ড ।
ডিব্ৰুগড়ত ৰাজপথতে মূকবধিৰ গৃহৰক্ষী জোৱানক প্ৰহাৰ টেম্পো চালকৰ (ETV Bharat Assam) ইউনিফৰ্ম পৰিধান কৰি বাইচাইকেলেৰে শ্বেন মেক নায়াৰ নামৰ গৃহৰক্ষী জোৱানজনে কৰ্তব্য সামৰি ঘৰমুৱা হওঁতে ৰাজপথতে সকলোৰে সন্মুখত তেওঁক প্ৰহাৰ কৰে টেম্পো চালকজনে । এই দৃশ্য প্ৰত্যক্ষদৰ্শী কিছু লোকে ম'বাইলত আবদ্ধ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
ইফালে এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ৰাজহুৱা হোৱাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত চালক দিগন্ত মেধিক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে ডিব্ৰুগড়ৰ শ্বেন মেক নায়াৰ নামৰ গৃহৰক্ষী জোৱানজনে দুটা দশকৰো অধিককাল বিনা বেতনেৰে ডিব্ৰুগড়ৰ থানা চাৰিআলিত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ নিঃস্বাৰ্থ সেৱা আগবঢ়াইছিল । ইয়াৰ পাছতে মাত্ৰ তিনিটা বছৰ পূৰ্বে খোদ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত তেওঁক নিয়মীয়াকৈ গৃহৰক্ষী জোৱান হিচাপে নিযুক্তি প্ৰদান কৰা হয় । মূকবধিৰ হ'লেও নিজকে এজন সফল যান-বাহন আৰক্ষী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে শ্বেন মেক নায়াৰে । অৱশ্যে এই ঘটনা টেম্পো চালকজনে কিয় সংঘটিত কৰিলে সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
প্ৰহাৰ কৰা টেম্পো চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব পৰিয়ালবৰ্গই
আনহাতে, জনবহুল ৰাজপথত মূকবধিৰ এজন গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰা ঘটনা সামাজিক মাধ্যমত প্ৰচাৰ হোৱা দেখি ক্ষোভিত হৈছে শ্বেন মেক নায়াৰৰ পৰিয়াল । গৃহৰক্ষী জোৱানগৰাকীৰ কন্যাই জানিবলৈ দিয়া অনুসৰি, টেম্পো চালকজনৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিব । লগতে টেম্পো চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে পৰিয়ালটোৱে ।