অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

মই নাটক লিখা মানুহ বুলি চিনাকি দি ভাল পাও, নাট্যকাৰ বুলি নহয়: হেমন্ত দত্ত - DRAMATIST HEMANTA DUTTA

Eminent artist Hemanta Dutta: আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কাৰণে এশৰো অধিক নাটক লিখি ভ্ৰাম্যমাণক চহকী কৰি ৰখা অন্যতম ব্যক্তি হেমন্ত দত্তৰ জন্মদিন । বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা গীতিকাৰগৰাকীৰ ওপজাদিন উপলক্ষে উন্মোচন কৰা হয় দাপোন প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হেমন্ত দত্তৰ গীত সমগ্ৰ গ্ৰন্থখনি ।

Indian dramatist Hemanta Dutta
হেমন্ত দত্তৰ গীত সমগ্ৰ গ্ৰন্থ উন্মোচন (ETV Bharat Assam)

মঙলদৈ,২৪ ছেপ্টেম্বৰ: "মই নাটক লিখা মানুহ বুলি চিনাকি দি ভাল পাও, নাট্যকাৰ বুলি নহয় । মই গান লিখা মানুহ বুলি কৈহে ভাল পাও, গীতিকাৰ নহয় ।"- এই কথা বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা গীতিকাৰ হেমন্ত দত্তৰ । আজি বিশিষ্ট নাট্যকাৰ, গীতিকাৰগৰাকীৰ ৮২ সংখ্যক ওপজা দিন । তেখেতৰ জন্মদিন উপলক্ষে দাপোন প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত হেমন্ত দত্তৰ গীত সমগ্ৰ গ্ৰন্থ উন্মোচনী সভাত নিজে উপস্থিত থাকি ৰাইজৰ মৰমতে জীয়াই থকা বুলি কয় ।

শাৰীৰিক অসুস্থতাৰ বাবে অতি কম সময় বক্তব্য ৰাখি তেওঁ জীৱনত যদি কৰবাত ভুল কৰিছিলে ৰাইজে মাফ কৰি দিব বুলি কৈ বক্তব্য সামৰে । মঙলদৈ চহৰৰ ইউথ ক্লাবত আয়োজন কৰা উক্ত অনুস্থানত দাপোন গোষ্ঠীৰ হৈ দীনমনি ভাণ্ডাৰ কায়ষ্ঠই আদৰণি ভাষণ দি হেমন্ত দত্তৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰে । তেওঁ কয়,"মঞ্জিমাৰ বিশাল অংগনত মনুষ্যৰ সৌন্দৰ্যময় সৃষ্টিয়ে শিল্প ।" সুন্দৰৰ নিৰলস সাধনাৰে সেই শিল্পক যিসকল অক্লান্ত কৰ্মীয়ে ৰক্ষা কৰি আহিছে তেওঁলোকেই শিল্পী বুলি কৈ হেমন্ত দত্তৰ দৰে এগৰাকী বৰেণ্য শিল্পীৰ সমগ্ৰ গীতৰ সংকলন প্ৰকাশ কৰিবলৈ পাই আনন্দিত বুলি কয় ।

হেমন্ত দত্তৰ গীত সমগ্ৰ গ্ৰন্থ উন্মোচন (ETV Bharat Assam)

অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা সভাখনত শিল্পী, অভিনেতা চম্পক শৰ্মাই বক্তব্য আগবঢ়াই কয়, "হেমন্ত দত্ত এগৰাকী পুৰ্ণাংগ শিল্পী । নাটক লিখা, অভিনয় কৰা আৰু নাটক পৰিচালনা তিনিটা কামেই তেওঁ নিপুণভাৱে কৰিছিল ।" সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য হাজৰিকাই বক্তব্য আগবঢ়াই হেমন্ত দত্ত এগৰাকী অসাধাৰণ প্ৰতিভাৰ অধিকাৰী বুলি কয় ।

নাট্যকাৰগৰাকীৰ গ্ৰন্থ কলকাতা গ্ৰন্থাগাৰ আৰু বৃটিছ গ্ৰন্থাগাৰত সংৰক্ষণৰ ব্যবস্থা কৰিবলৈ দাপোন গোষ্ঠীক তেওঁ আহ্বান জনায় । অনুস্থানত গীত পৰিৱেশন কৰে শিল্পী ৰিন্তিমণি ডেকাই আৰু কবিতা পাঠ কৰে কবি ৰানু দত্ত গোস্বামীয়ে । সভাত বক্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যিক, চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেবী শৰ্মাই ।

গাম্ভীয্যপূৰ্ণ সভাখনত উপস্থিত থাকে বিশিষ্ট গীতিকাৰ, সাহিত্যিক ইদ্দিছ আলী, অতুল মজুমদাৰ, আছুৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, কাৰ্যালয় সম্পাদক ভৱজোতি ডেকা, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি, সম্পাদক লক্ষীনন্দন কলিতা, সমাজসেৱক প্ৰাণজিৎ শইকীয়া আদি । সভাত শলাগৰ শৰাই আগবঢ়াই দাপোন গোষ্ঠীৰ সম্পাদক মনোৰঞ্জন কলিতাই ।

লগতে পঢ়ক:বিশিষ্ট নাট্যকাৰ-অভিনেতা-পৰিচালক হেমন্ত দত্তৰ আজি 82 সংখ্যক ওপজা দিন - Indian dramatist Hemanta Dutta

ABOUT THE AUTHOR

...view details