মেষ ৰাশি:আপোনাৰ পদক্ষেপৰ প্ৰতি লক্ষ্য দিয়ক । অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷
বৃষ ৰাশি:শুভ দিন ৷ আ-অলংকাৰ ক্ৰয় কৰিব পাৰে ৷ প্ৰিয় আহাৰ গ্ৰহণ কৰিব । আত্মীয় স্বজনৰ সৈতে সময় কটাওক ৷ সতেজ অনুভৱ কৰিব পাৰে । আপোনাৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখক ৷ সাধাৰণ স্বাস্থ্য সমস্যাকো অৱহেলা নকৰিব ।
মিথুন ৰাশি: আজি আপুনি আনন্দময় আৰু প্ৰফুল্লিত হৈ থাকিব । আপুনি উত্সাহিত হ'ব ৷ আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিব । কৰ্মস্থলীত আপোনাৰ অবদানৰ বাবে আপুনি মান্যতা প্ৰাপ্তি কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা । বন্ধুবৰ্গৰ সৈতে সন্ধিয়া সময় কটাওক।
কৰ্কট ৰাশি: আপোনাৰ বাবে এটা সুন্দৰ দিনে অপেক্ষা কৰিছে । আৰ্থিক দিশত গুৰুত্ব দিব । একাগ্ৰতা, দৃঢ়তা আৰু আত্ম-বিশ্বাসে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব । অসম্পূৰ্ণ কামসমূহৰ শীঘ্ৰেই অন্ত পৰিব ৷ পেচাদাৰীসকলৰ ওপৰিও শিক্ষাৰ্থীসকলো লাভাম্বিত হ'ব । পৰিয়ালৰ সৈতে অতীতৰ সুন্দৰ দিন ৰোমন্থন কৰিব ।
সিংহ ৰাশি: আজি আপুনি আজি শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে । মাতৃৰ স্বাস্থ্যৰ চিন্তা আৰু ব্যয় সম্পৰ্কে উদ্বিগ্ন হৈ থাকিব পাৰে । তথাপিও, সন্ধিয়া আপুনি আৰ্থিক ব্যৱস্থা কৰিব পাৰিব । শিক্ষাৰ্থীসকলৰ শিক্ষাত মনোনিৱেশ কৰিব ৷
কন্যা ৰাশি: ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব । মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । ধ্যান কৰক ৷ সতেজ অনুভৱ কৰিব আৰু মন প্ৰফুল্লিত হ'ব ।