- মেষ ৰাশি :আজি কঠোৰ কামো সহজতে কৰিব পাৰিব ৷ বহুতো ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ মন পছন্দৰ কাৰ্যই আনন্দিত কৰি তুলিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ৷
- বৃষ ৰাশি :ড্ৰাইভ ভালদৰে কৰিব ৷ দিনটো প্ৰায় ভাল আৰু আনন্দময় হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷
- মিথুন ৰাশি : নতুন দায়ীত্ব বহন কৰিব ৷ নতুন কর্ম অধ্যয়নত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰি ভাগৰুৱা হৈ পৰিব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷
- কৰ্কট ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ ভাল সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ কিন্তু হতাশ নহ'ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে সময় পাৰ কৰিব ৷
- সিংহ ৰাশি :পূৰ্বৰ দিনবোৰৰ দৰেই একে হ’ব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰক ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
- কন্যা ৰাশি :নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ এলেহুৱা অনুভৱ হ’ব পাৰে ৷ গা ধোৱা আগত মালিচ লওক, সক্ৰিয় অনুভৱ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ।
- তুলা ৰাশি :পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই আপোনজনক সময় দিব ৷ সন্ধিয়াটো প্ৰেমিক-প্ৰেমিকাৰ সৈতে কটাব | মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
- বৃশ্চিক ৰাশি : নিজৰ মনৰ কথা শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নতুন ব্যৱসায় কৰিব, সফল হʼব ৷ শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব ৷ আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ প্ৰতিজন সদ্যৰ ভালদৰে যত্ন লওক, প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
- ধনু ৰাশি : কথা কওতে সাৱধান হওক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ নহ’লে কোনো সমস্যাত পৰিব পাৰে । মানসিক অশান্তি হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে ৷ স্বাস্থ্য অনুন্নত ৷
- মকৰ ৰাশি :দিনটো প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷ বৈবাহিক জীৱন আনন্দময় হʼব ৷
- কুম্ভ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নাম-সুনাম হʼব ৷
- মীন ৰাশি :এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ভাগ্য ভাল নহয় ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ মিশ্ৰিত খেলিমেলি হ’ব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷
জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? দিনটোৰ ৰাশিফল পঢ়ো আহক...

ৰাশিফল (ETV Bharat)
Published : Feb 21, 2025, 6:19 AM IST