অসম

assam

ETV Bharat / state

আজি জিভাক নিয়ন্ত্ৰণত নাৰাখিলে বিপদ হ’ব এই ৰাশিৰ লোকৰ...নেতিবাচক চিন্তাক দূৰত ৰাখিলেহে হ’ব মংগল - Daily Horoscope For 18th September - DAILY HOROSCOPE FOR 18TH SEPTEMBER

Daily Horoscope: আজি ৰাশি সলনি কৰি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 18th September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

By ETV Bharat Features Team

Published : Sep 18, 2024, 12:28 AM IST

মেষ ৰাশি:লক্ষ্মীদেৱীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰষিব ৷ আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব ৷ ব্যৱসায়তো লাভ হ’ব ৷ একেসময়তে সমাজত স্বীকৃতি প্ৰাপ্ত কৰিব ৷ বিবাহ প্ৰাৰ্থীয়ে শীঘ্ৰেই তেওঁলোকৰ সংগীক লগ পাব ৷ পিছবেলা, কামৰ পৰা ধ্যান আৰু মনোযোগ বিচ্যুত হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰো অৱনতি হ’ব পাৰে ৷ ব্যয় বৃদ্ধি হ’ব ৷ আপোনাৰ পৰিয়ালৰ মাজত থকা পাৰ্থক্যক শীঘ্ৰে আঁতৰ কৰক ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানেৰে ভ্ৰমণ কৰক ৷

বৃষ ৰাশি:এটা শুভ দিন ৷ চিন্তাসমূহ এৰি দিয়ক আৰু আৰাম কৰক ৷ প্ৰফুল্লিত হৈ থাকক, গৃহস্থ দিশটো শান্ত আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ কৰ্মস্থলীটো, আপোনাৰ কৰ্তৃপক্ষ আপোনাৰ দ্বাৰা সন্তুষ্ট হ’ব ৷ আপোনাৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা লাভ কৰিব ৷ ব্যৱসায়ৰ ওপৰিও, আপোনাৰ পুত্ৰ আৰু পৰিবাৰৰ পৰাও উপকাৰ লাভ কৰিব ৷

মিথুন ৰাশি:এটা মিশ্ৰিত দিন, ভাল-বেয়া দুয়োটা আছে ৷ কৰ্মস্থলীত অসন্তুষ্ট কৰ্তৃপক্ষ আৰু ঘৰত সন্তান আপোনাৰ চিন্তাৰ কাৰণ হ’ব পাৰে ৷ স্বাস্থ্যও ঠিকে নাথাকিবও পাৰে আৰু ব্যয় অধিক হ’ব ৷ পিছবেলা সকলো উন্নত হ’ব ৷ আপুনি আপোনাৰ কামত লাভ কৰা সফলতাক উপভোগ কৰিব ৷ ব্যৱসায়ৰ বাবেও ভাল সময় ৷ পদোন্নতি হ’ব পাৰে ৷ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰক ৷ জীৱনত প্ৰগতি লাভ কৰাত সহায় কৰিব ৷

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমাৰ্ধ বিৰোধিতাৰে পূৰ্ণ হ’ব ৷ ভগৱানৰ নাম লওক আৰু ধ্যান কৰক, আপোনাৰ নেতিবাচকতাক নিয়ন্ত্ৰণত ৰাখক ৷ সাৱধানতা বৰ্তাওক আৰু কোনো অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয় হ’ব পাৰে ৷ দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি উন্নত হ’ব পাৰে ৷ আপোনাৰ মন প্ৰফুল্লিত হ’ব পাৰে আৰু বিনোদন ধৰ্মী কাৰ্যত অংশ ল’ব পাৰে ৷ আপোনাৰ আনন্দক বিদেশৰ পৰা অহা ভাল খবৰে বৃদ্ধি কৰিব পাৰে ৷

সিংহ ৰাশি: মনোৰঞ্জনৰ বিভিন্ন উপায়ৰ সন্ধান কৰিব পাৰে ৷ আপোনাৰ বন্ধুবৰ্গই আপোনাক সংগ দিবলৈ পাই আনন্দিত অনুভৱ কৰিব ৷ চিনেমা চাবলৈ বা বজাৰ কৰিবলৈ যাব পাৰে ৷ পুনৰ চিন্তা কৰি, আপুনি সকলো পৰিকল্পনা বাতিল কৰিব পাৰে আৰু দূৰলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷ আপুনি নিৰন্তণভাৱে কৰি অহা চিন্তা আৰু আগ্ৰাসনে আপোনাক সন্ধ্যা সময়লৈ ক্লান্ত কৰি তুলিব পাৰে ৷ আপোনাৰ মেজাজ আৰু বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ ধনৰ অভাৱ হ’ব পাৰে, আপোনাৰ আৰ্থিক পৰিস্থিতিক নিৰীক্ষণ কৰক ৷

কন্যা ৰাশি:এই সুন্দৰ দিনটোৰ অধিকতম লাভ উঠাওক ৷ আপোনাৰ ব্যৱসায়িক পাৰ্টনাৰৰ পৰা উপকাৰ পাব পাৰে ৷ লগতে আপোনাৰ কামসমূহক সফলভাৱে সম্পূৰ্ণ কৰি আপুনি সুখী অনুভৱ কৰিব পাৰে ৷ সন্ধ্যা সময়ত বন্ধু আৰু পৰিয়াল বৰ্গৰ সৈতে কোনো বিশেষ দিন উদ্‍যাপন কৰিব পাৰে ৷আবেগৰ দ্বাৰা পৰিচালিত নহ’ব ৷ সুন্দৰভাৱে সময় কটাওক‍‍!

তুলা ৰাশি:সক্ৰিয় আলোচনা আৰু বিতৰ্কত অংশ গ্ৰহণ কৰিব পাৰে ৷ আৰু লগতে, আপোনাৰ বিশ্লেষণাত্মক আৰু সৃজনশীল ক্ষমতাৰ নিৰীক্ষণ কৰিব পাৰে ৷ যদি আপুনি সৃজনশীল লিখা-মেলাৰ কথা বিবেচনা কৰি আছে, সেইয়া আৰম্ভ কৰিব পাৰে ৷ আজিৰ দিনটো এনে কাৰ্য্যৰ বাবে অতি উপযোগী ৷ ই আপোনাৰ দক্ষতাসমূহক উন্নত কৰাৰ উপৰিও আপোনাৰ কামটো সহায় কৰিব পাৰে ৷ আপোনাৰ কাৰ্য্যালয়ত এক বন্ধুত্বপূৰ্ণ পৰিবেশ বৰ্তি থাকিব ৷ উত্‍পাদনশীলতা আৰু কাৰ্য্যক্ষমতা শ্ৰেষ্ঠতম হ’ব ৷ আবেগিক স্তৰ অলপ ওপৰত থাকিব; অত্যাধিক নহ’ব ৷ ঘৰৰ পৰিবেশ প্ৰফুল্লিত থাকিব ৷

বৃশ্চিক ৰাশি: অনমনীয় হৈ থাকিলে আঘাত পাব পাৰে ৷ আপোনাৰ ভাবুকতাকো অলপ কম কৰক, উদ্বিগ্নতা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে ৷ মধ্যাহ্নৰ পিছত, আপোনাৰ চিন্তাধাৰা শান্ত হ’ব পাৰে ৷নতুন কাম বা প্ৰকল্পত কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অধিক পৰিশ্ৰমৰ প্ৰয়োজন নোহোৱা আৰু সুখ প্ৰদান কৰা কাম হাতত লওক ৷ আপোনাৰ ব্যয় বৃদ্ধি পাব; নিয়ন্ত্ৰণ কৰক নহ’লে শীঘ্ৰেই আপোনাৰ জেপ খালী হ’ব ৷ বাহিৰত আহাৰ গ্ৰহণ কৰাৰ পৰিকল্পনা বাদ দিয়ক ৷ ভ্ৰমণ পিছোৱাওক ৷

ধনু ৰাশি:দিনটো ভালদৰে আৰম্ভ হ’ব যদিও অলপ বেয়াধৰণেৰে অন্ত পৰিব পাৰে ৷ দিনটোৰ প্ৰথমাৰ্ধত, মন, শৰীৰ আৰু আত্মা সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন থাকিব ৷ আপোনাৰ পৰিয়ালবৰ্গ চিন্তিত হৈ থকা সমস্যাসমূহ আপুনি সন্মূখলৈ আনিব পাৰে; আৰু সেইবোৰ আপুনি সফলতাৰে সমাধান কৰিব পাৰিব ৷ আপোনাৰ বন্ধুবৰ্গৰ লগত আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব ৷ দুপৰীয়াৰ পিছত, আপুনি সৰ্তক হোৱাৰ প্ৰয়োজন আছে, বিশেষভাৱে সম্পত্তি বিষযক লেনদেনত ৷ নিজৰ অনুভূতিক ব্যক্ত কৰাটো ভাল, কিন্তু যদি সঠিক ভাৱে ব্যক্ত কৰিব নোৱাৰে তেন্তে, ভূলবুজা বুজি হোৱাৰ সম্ভাৱনা আছে ৷ শিক্ষাৰ্থীৰ বাবে উপযোগী হ’ব ৷

মকৰ ৰাশি:বুদ্ধিমান লোকে জিভাক নিয়ন্ত্ৰণত ৰাখে, নীতি অনুসৰণ কৰক ৷ পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত সাম্ভাব্য কোনো বিবাদক সফলতাৰে সমাধান পাৰিব ৷ সন্ধ্যাসময়ত, সকলো উন্নত হ’ব ৷ চিন্তা আৰু উদ্বেগৰ পৰা আপোনাৰ মন মুক্ত হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ আপুনি ধৰ্মীয় কাৰ্য্যত ব্যয় কৰিব পাৰে ৷

কুম্ভ ৰাশি:এটা সাধাৰণ দিন হ’ব ৷ আপোনাৰ মনৰ আধ্যাত্মিকতাই দিনটো অতি সন্তুষ্টি জনক আৰু সুখী কৰি তুলিব পাৰে ৷ নেতিবাচকতাক দূৰত ৰাখক ৷ আপোনাৰ সিদ্ধান্ত গ্ৰ্হণৰ ক্ষমতাত আঘাত পাব পাৰে আৰু আপোনাৰ মনক নিৰোত্‍সাহী কৰি তুলিব পাৰে ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰক যাতে সকলো দিশতে কোনো সমস্যাৰ সৃষ্টি নহয় ৷ অত্যাধিক খৰচ এৰাই চলক, আৰ্থিক বিশৃঙ্খলতাক সমাপ্ত কৰক ৷ শিক্ষাৰ্থীসকলৰ বাবেও কঠোৰ দিন হ’ব ৷

মীন ৰাশি: আৰ্থিক লেনদেনত সোমালে বা এনেই ধনৰ আদান প্ৰদান বা আইনী কামকাজত সোমালে সাৱধানতা অবলম্বন কৰক ৷ আপোনাৰ সলনি হৈ থকা মন আৰু বক্তব্যক নিৰীক্ষণ কৰক ৷ আনৰ কামত বাধা ৰূপণৰ চেষ্টা নকৰিব ৷ দূৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানতাৰে বাহন চলাওক ৷ সন্ধিয়া, বন্ধু বৰ্গক লগ কৰিব পাৰে আৰু আনন্দৰ বিনিময় হ’ব পাৰে ৷ ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহপূৰ্ণ হ’ব ৷ ভাল দিনৰ উপভোগ কৰক ৷

ABOUT THE AUTHOR

...view details