মেষ ৰাশি :দিনটো কিছু কঠিন হ’ব ৷ সুস্থিৰ মগজু আৰু সাৱধানেৰে সিদ্ধান্ত ল’ব ৷ এলেহুৱা আনুভৱ হ’ব ৷ ইয়াৰ প্ৰভাৱ কামত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ স্বাস্থ্যৰ যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷
বৃষ ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু সতৰ্ক হৈ থকাটো ভাল ৷ ভাল অভ্যাস গঢ় দিয়ক ৷
মিথুন ৰাশি :দিনটো প্ৰায় ভাল ৷ যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদত পৰিব পাৰে ৷ দিনটো কিছু খেলিমেলিও হʼব পাৰে ৷ ভাল কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ ভাল সুযোগ লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ আৰ্থিক সমস্যা হ’ব পাৰে ৷ আজি কেৱল নিজৰ মনৰ কথা শুনিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
কন্যা ৰাশি :দিনটো শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ দিনটো আনন্দময় হʼব ৷ আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কৰ্ম কৰক ৷