অসম

assam

ETV Bharat / state

যোৱা ১০ মাহত গুৱাহাটীত ৰুজু ২,৩০৯ টা চুৰি-ডকাইতিৰ গোচৰ - ROBBERIES IN GUWAHATI

Crime in Guwahati: গুৱাহাটীত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা । যোৱা ১০ মাহতে ২০০০ৰো অধিক গোচৰ ৰুজু ।

ROBBERIES IN GUWAHATI
গুৱাহাটীত অপৰাধৰ পৰিসংখ্যা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 10:43 AM IST

গুৱাহাটী :উত্তৰ-পূৱৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত চুৰিকাণ্ডৰ অভিলেখ । প্ৰতিদিনে গুৱাহাটীৰ থানাই থানাই ৰুজু হৈছে চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা । স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা । মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত ২,৩০৯ টা চুৰি আৰু ডকাইতিৰ দৰে ঘটনা সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । এই তথ্য প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

তথ্য অনুসৰি চলিত বৰ্ষত অক্টোবৰলৈ ১,৭৪২ টা চুৰি কাণ্ড, ৪০৫ টা বলপূৰ্বক চুৰি (Burglary), ১৬০ টা দলীয় ডকাইতিকাণ্ড (Robbery) আৰু ২ টাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে । ২০২৩ বৰ্ষত ২,৭৪৫ টা চুৰিকাণ্ড, ৭৪০ টা বলপূৰ্বক চুৰি (Burglary),২৬৩ টা দলীয় ডকাইতিকাণ্ড (Robbery) আৰু ৪ টা ডকাইতি ঘটনা সংঘটিত হৈছে ।

একেদৰে ২০২২ বৰ্ষত ২,৮৩২ টা চুৰিকাণ্ড, ৫৮৪ টা বলপূৰ্বক চুৰি, ২২২ টা দলীয় ডকাইতিকাণ্ড আৰু ৭ টা ডকাইতিৰ গোচৰ ৰুজু হৈছে । ২০২১ বৰ্ষত চুৰিকাণ্ড সম্পৰ্কীয় গোচৰ ৪,৪৯২ টা, ডকাইতি ৫ টা, বলপূৰ্বক চুৰি ১,০৭০ টা আৰু দলীয় ডকাইতিৰ ৮৪৫ টা গোচৰ মহানগৰীত ৰুজু হৈছিল ।

চলিত বৰ্ষত জানুৱাৰীৰ পৰা অক্টোবৰলৈ তথ্য-

মাহচুৰিডকাইতিবলপূৰ্বক চুৰি(Burglary)ডকাইতি-দলীয়(Robbery)
জানুৱাৰী ১৭০ ৪৯ ১৭
ফেব্ৰুৱাৰী ১৩৭ ৪২ ১২
মাৰ্চ ১৬৪ ৩০ ১৩
এপ্ৰিল ১৭৩ ৪৬ ১৮
মে' ১৭৫ ৪৮ ১৬
জুন ১৭২ ৪০ ১৬
জুলাই ১৮০ ২৬ ১৫
আগষ্ট ১৭৮ ২০ ১১
ছেপ্টেম্বৰ ১৮৭ ৬০ ২৬
অক্টোবৰ ২০৬ ৪৪ ১৬

অৱশ্যে মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে আগন্তুক দিনত স্মাৰ্ট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অস্থিৰ মণিপুৰ; গুৱাহাটীত ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ

ABOUT THE AUTHOR

...view details