গুৱাহাটী: নিয়ম উলংঘাৰ অভিযোগত এগৰাকী ছাত্ৰ তথা ডেলিভাৰী এজেন্টক বৰ্বৰভাৱে প্ৰহাৰ কৰা পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ কাৰ্যক ভিন্নজনে ভিন্ন ধৰণে গৰিহণা দিছে ৷ খাকীৰ অৰ্থ জনতাক আতংকিত কৰা নহয় বৰঞ্চ জনসুৰক্ষাহে বুলি বহুতেই সেই কথা উল্লেখ কৰি নিজৰ মনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
অ’চি ভাৰ্গৱ বৰবৰাই খাকী পৰিধান কৰি এজন সাধাৰণ যুৱকৰ ওপৰত দেখুওৱা বীৰত্বক ধিক্কাৰ দি অসম আৰক্ষীৰ প্ৰাক্তন আই জি পি ভায়’লেট বৰুৱাই ফেচবুকযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি লিখিছে-
"সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে । গুণ্ডাৰূপী এইজন আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰ মহলে পানবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ OC পদত বহুৱাইছিল ? ওপৰৰ গধূৰ আৰক্ষী বিভাগে এই বিষয়ে কিবা ক’বনে ? শুনা মতে এইজন আৰক্ষী বিষয়াই আন আন থানাত থাকোতেও নানা ধৰণৰ দুষ্কাৰ্য কৰিও সুকলমে বৰমূৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া নিয়ম বহির্ভূত body fitting ইউনিফর্ম পিন্ধি সিংঘম style ত গুণ্ডাগিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুর্নাম আনিছে । কিন্তু এইবাৰ ৰাইজে উভতি ধৰাৰ পাছত কথা বিষম দেখি 'তাৎক্ষণিকভাৱে নিলম্বন' কৰি বিভাগটোৱে দায় সাৰিব খুজিছে । গতিকে এই ক্ষেত্রত আপোনা সকলো সমানেই জগৰীয়া । কাৰণটো নিজকে সুধি লওক । তাৰোপৰি অপৰাধ কৰা এইজন বিষয়াৰ ওপৰত মহানগৰ পুলিচৰ ফালৰ পৰা এটা Suo Moto কেচ ল’বও পাৰিলেহেঁতেন, ভুক্তভোগীৰ পৰা FIR ল’বলৈ কিয় ৰৈ থাকিব লাগে । আপোনাসবে সময়ে সময়ে সামাজিক মাধ্যমত ৰাইজক নীতি শিক্ষা দিয়াৰ ওপৰিও বিভাগটোৰ ভিতৰত থকা এইচাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তোলক । ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিব ।"
ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অভিযোগ অনেক:
সম্প্ৰতি বিতৰ্কত সোমাই পৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয় ৷ গোৱালপাৰাত কৰ্মৰত হৈ থকাৰ সময়তো এজন যুৱকক সুৰাপানৰ অভিযোগত থানালৈ আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা বুলি অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ পিচদিনা ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ সেইসময়ত সুৰাপায়ী যুৱকজনৰ আৰক্ষীৰ অত্যাচাৰতেই মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলি থানা ঘেৰাও কৰিছিল ৷ কিন্তু উচিত ন্যায় আজিও নাপালে তেওঁলোকে ৷