অসম

assam

ETV Bharat / state

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ-হৰিদেৱ-দামোদৰদেৱৰ নাম ব্যৱহাৰক লৈ বিতৰ্ক - Mahapurusa name controversy

Controversy over Mahapurusa: বজালীত চাৰিজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱৰ নাম ব্যৱহাৰক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ৷ চাৰিজনা মহাপুৰুষৰ নাম ব্যৱহাৰ নকৰাৰ দাবীৰে বজালীৰ বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে কেবাখনো আপত্তি পত্ৰ প্ৰদান কৰিছে বজালী জিলা আয়ুক্তক ৷ কিন্তু চাৰিজনা মহাপুৰুষৰ নাম ব্যৱহাৰক কেন্দ্ৰ কৰি এনে কি বিতৰ্ক হৈছে বজালীত ? সেই সন্দৰ্ভত এক প্ৰতিবেদন-

Controversy over Mahapurusa
মহাপুৰুষৰ নাম ব্যৱহাৰক লৈ বিতৰ্ক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 10:52 PM IST

বজালী, ২০ ছেপ্টেম্বৰ:বজালীৰ এক নিৰ্দিষ্ট ক্ষেত্ৰৰ পৰা চাৰি মহাপুৰুষৰ নাম অন্তৰ্ভুক্তিক লৈ বিতৰ্ক ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱৰ নাম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী উঠিছে অসমৰ এক শৈক্ষিক-সাংস্কৃতিকভাৱে চহকী ঠাই বজালীত ৷

বজালীত জিলা প্ৰশাসনে মহাপুৰুষ কেইজনৰ নামৰ ব্যৱহাৰৰ বাবে কিয় এনে সিদ্ধান্ত ল'লে তাকে কেন্দ্ৰ কৰি এতিয়া তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে বজালীত ৷

মহাপুৰুষৰ নাম ব্যৱহাৰক লৈ বিতৰ্ক (ETV Bharat)

সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি বিধানসভা সমষ্টিৰ লগতে জিলা পৰিষদ আৰু পঞ্চায়তসমূহো নতুনকৈ সজাই লোৱা হৈছে ৷ সেই অনুসাৰে বৰ্তমানৰ বজালী আৰু পূৰ্বৰ পাটাছাৰকুছি সমষ্টিত তিনিটা জিলা পৰিষদ সমষ্টিৰ বিপৰীতে 4 টা জিলা পৰিষদ সমষ্টি সজাই লোৱা হৈছে ৷ এই চাৰিটা সমষ্টি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ ৷

স্বাভাৱিকতে এই নাম চাৰিটাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ মহাপুৰুষৰ নাম কৰ্তন কৰাৰ দাবীত কেন্দ্ৰ কৰি জিলা আয়ুক্তক দিয়া হৈছে বিভিন্ন দল সংগঠনৰ 22 খনকৈ আপত্তি পত্ৰ ৷

আপত্তিৰ কাৰণ দৰ্শাই কোৱা হৈছে যে ভৱিষ্যতে উক্ত জিলা পৰিষদত দুৰ্নীতিৰ বাতৰি হ'লে মহাপুৰুষৰ নাম উল্লেখ কৰি সংবাদ মাধ্যমে কৰিব লাগিব বাতৰি ৷ বজালী বিজেপিৰ উপ-সভাপতি সুৰজিৎ পাটগিৰিয়েও জিলা আয়ুক্তলৈ আপত্তি পত্ৰ প্ৰেৰণ কৰি মহাপুৰুষৰ নাম কৰ্তনৰ বাবে উত্থাপন কৰিছে দাবী ৷ পাঠশালা ৰাস মহোৎসৱ সমিতিৰ গিৰিশ পাটগিৰিৰ দৰে ব্যক্তিয়েও একেই আপত্তি দৰ্শাই নিন্দা কৰিছে এনে কামৰ ৷

উল্লেখযোগ্য যে দুদিন পূৰ্বে বিশ্বকৰ্মা পূজাৰ দিনা বজালী জিলা আয়ুক্তই সংবাদমেল যোগে উক্ত জিলা পৰিষদৰ নাম ঘোষণা কৰাৰ পিছতে সৃষ্টি হৈছে এনে প্ৰতিক্ৰিয়া ৷ স্বাভাৱিকতে এনে প্ৰতিক্ৰিয়াৰ পিছত নিৰ্বাচন আয়োগে তথা বজালী জিলা প্ৰশাসনে কি নিৰ্ণয় লয় সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত ব্ৰহ্মপুত্ৰৰ অধ্যয়নৰ বাবে বিশেষ কেন্দ্ৰ মুকলি - Centre for Brahmaputra studies

ABOUT THE AUTHOR

...view details