অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST

কংগ্ৰেছৰ ৰাজভৱন যাত্রাত উত্তপ্ত পৰিস্থিতি ৷ কন্দুৱা গেছ আৰু লাঠিচালনাত আহত বহুজন, নিহত এজন ৷

Congress worker dies during protest
কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল’বলৈ আহি অধিবক্তাৰ মৃত্যু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 5:53 PM IST

গুৱাহাটী:কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ বুধবাৰে ৰাজভৱনলৈ যোৱা পথছোৱাত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় । এফালে প্ৰতিবাদকাৰীৰ ৰুদ্ৰমূৰ্তি আৰু আনফালে আৰক্ষীৰ ব্যাপক সমৰসজ্জাৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদকাৰীকে ধৰি কেইবাগৰাকী সাংবাদিক আহত আৰু অসুস্থ হৈ পৰে । ইফালে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি এজন লোকৰ মৃত্যু ঘটে ।

কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল’বলৈ আহি অধিবক্তাৰ মৃত্যু (ETV Bharat Assam)

কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ ল’বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰিছিল । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত আহত হৈছিল মৃদুল ইছলাম । মৃদুলৰ গাত কন্দুৱা গেছৰ চেল লগাৰ ধাৰণা কৰা হৈছে ।

আহত মৃদুল ইছলামক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত তেওঁৰ মৃত্যু হয় । মৃত মৃদুল ইছলামৰ ঘৰ কামৰূপৰ চমৰীয়াত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:এইখন বিধেয়কে সংবিধানৰ নীতি উলংঘা কৰিছে: গৌৰৱ গগৈ

উল্লেখ্য যে, 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ বিৰোধিতাকে ধৰি আদানীৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰ আৰু মণিপুৰৰ প্ৰসংগক লৈ আজি কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰেই অংশস্বৰূপে আজি প্ৰদেশ কংগ্ৰেছে আদানীৰ দুৰ্নীতিৰ তদন্ত, স্মাৰ্টমিটাৰ প্ৰত্যাহাৰ আৰু মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবীত ‘ৰাজভৱন চলো’ কাৰ্যসূচী গ্ৰহণ কৰি ৰাজভৱন অভিমুখে যাত্রা কৰে । প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজভৱনলৈ যোৱা পথছোৱাত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত উলিওৱা বৃহৎ সমদলক বাধা প্ৰদান কৰাৰ বাবে আৰক্ষীয়ে বেৰিকেড বান্ধি দিয়ে যদিও প্ৰতিবাদকাৰীসকলে সকলো বাধা আঁতৰাই আগুৱাই যোৱাৰ প্ৰয়াস কৰে । ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হয় । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰে । কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত বহু প্ৰতিবাদকাৰীৰ লগতে কেইবাগৰাকী সাংবাদিক অসুস্থ হৈ পৰে ।

ইফালে আৰক্ষীৰ লাঠিচালনাত বহু প্ৰতিবাদকাৰীৰ লগতে সাংবাদিকো আঘাতপ্ৰাপ্ত হয় । আনহাতে প্ৰতিবাদৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকী নেতা আৰু প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায় । ভূপেন বৰাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এই অত্যাচাৰৰ পৰিণাম ভোগ কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে ।

লগতে পঢ়ক:এক দেশ, এক নিৰ্বাচন: অসমৰ বিৰোধী ৰাজনৈতিক দলৰ বিৰোধিতা, বি পি এফৰ আদৰণি

আনহাতে পথৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজভৱন যাত্রা কাৰ্যসূচীত কংগ্ৰেছৰ সাংসদ আৰু বিধায়কসহ কেইবাশ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ 'ৰাজভৱন চলো' কাৰ্যসূচীক প্ৰশাসনে অবৈধ ঘোষণা কৰি বহু প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় ।

ABOUT THE AUTHOR

...view details