অসম

assam

ETV Bharat / state

গৌৰৱ গগৈৰ অনুষ্ঠানৰ বাবে নিদিলে অনুমতি : গোলাঘাটত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ - Golaghat Congress protest - GOLAGHAT CONGRESS PROTEST

Golaghat Congress protest: ১১ আগষ্টত গোলাঘাটত জিলা কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰাৰ কথা আছিল । অনুষ্ঠানটোৰ বাবে কংগ্ৰেছে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ অনুমতি বিচাৰিছিল । বিভিন্ন অজুহাত দেখুৱাই পৌৰপতিয়ে এই অনুমতি বাতিল কৰাৰ বাবে কংগ্ৰেছে প্ৰশাসনৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

Golaghat Congress protest
গৌৰৱ গগৈৰ অনুষ্ঠানৰ বাবে নিদিলে অনুমতি;গোলাঘাটত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 4:38 PM IST

গোলাঘাট,৫ আগষ্ট :গোলাঘাট জিলা প্ৰশাসন আৰু পৌৰসভাৰ পৌৰপতিৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ গোলাঘাট নগৰত প্ৰতিবাদী সমদলৰ আয়োজন কৰে কংগ্ৰেছে । পৌৰপতিয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ কংগ্ৰেছৰ ।

গৌৰৱ গগৈৰ অনুষ্ঠানৰ বাবে নিদিলে অনুমতি;গোলাঘাটত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ (ETV Bharat)

কিহৰ বাবে প্ৰতিবাদ :

কংগ্ৰেছে অভিযোগ কৰা মতে ১১ আগষ্টত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈক ৰাজহুৱা সম্বৰ্ধনাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল । জিলা কংগ্ৰেছে অনুষ্ঠানটো আয়োজনৰ বাবে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ বিচাৰি আবেদন জনাইছিল । প্ৰথম অৱস্থাত পৌৰসভাই প্ৰেক্ষাগৃহটোৰ বাবে অনুমতি প্ৰদান কৰিছিল । কিন্তু পুথিভঁৰাল প্ৰেক্ষাগৃহৰ বাবদ দিবলগীয়া মাননী দিবলৈ যাওতে গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাই বিভিন্ন অজুহাত দেখুৱাই আবেদনখন খাৰিজ কৰে ৷ পৌৰসভাৰ এনে দুমুখীয়া স্থিতিক লৈ কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰে । ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰো সন্দেহ কৰে কংগ্ৰেছে । যাৰ বাবে সোমবাৰে জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কংগ্ৰেছৰ ক্ষোভ :

দলটোৱে জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কিন্তু এই প্ৰতিবাদী সমদলটোক আৰক্ষীয়ে বাধা দিয়াৰ বাবে বেৰিকেড স্থাপন কৰে । অৱশ্যে প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি আয়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত জিলা কংগ্ৰেছে আয়ুক্তক এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷

প্ৰতিবাদত অংশ লৈ এজন কংগ্ৰেছ নেতাই কয়, "মিছলীয়া পৌৰপতিয়ে আমাক গৌৰৱ গগৈৰ অনুষ্ঠানটো তাত অনুষ্ঠিত কৰিব নিদিলে । তেওঁ বিভিন্ন ধৰণৰ অজুহাত দেখালে । কিন্তু তাৰ পিচতো জিলা পুথিভঁৰালত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ অনুমতি দিয়া হৈছে । গৌৰৱ গগৈ কংগ্ৰেছৰ হোৱা বাবে অনুষ্ঠানটোৰ বাবে অনুমতি নিদিলে নেকি ? আমি প্ৰতিবাদৰ জড়িয়তে জানিব বিচাৰিছো কিহৰ বাবে গৌৰৱ গগৈৰ অনুষ্ঠানটোৰ বাবে অনুমতি দিয়া নহ'ল । জিলা আয়ুক্তই ইয়াৰ উচিত উত্তৰ দিব লাগিব ।"

আন এগৰাকী কংগ্ৰেছ নেতাই কয়, "গৌৰৱ গগৈৰ উত্থানত, গৌৰৱ গগৈৰ জনপ্ৰিয়তাত এই চৰকাৰখন ক্ষুণ্ণ হৈছে, ভয় খাইছে । ইয়াৰ আঁৰত কিবা কাৰণ আছে । দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াই মিছা কথা কৈ কিদৰে আমাৰ আৱণ্টন বন্ধ কৰিলে আমাক তাৰ জবাব লাগে ।"

ইফালে হাতীখুলি চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চৰকাৰে ভূমি আৱণ্টন দিয়া সন্দৰ্ভতো কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু চৰকাৰক সমালোচনা কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দলৰ লগতে কংগ্ৰেছৰ বিভিন্ন সংগঠনৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

ABOUT THE AUTHOR

...view details