বৰপেটা, 24 জানুৱাৰী:ৰাজ্যত অব্যাহতৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ ইতিমধ্যে বৰপেটা জিলাত উপস্থিত হৈছে এই যাত্ৰা ৷ জিলাখনৰ ভেল্লাৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ মাজতে উত্তৰ বৰপেটাত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে । এখন চাৰিচকীয়া বাহনৰ ওপৰত বহি দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় আৰু অসম চৰকাৰক সমালোচনা কৰে । বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেতাজনে তীব্ৰ সমালোচনা কৰে ।
ৰাহুল গান্ধীয়ে কয়, "দেশত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে । এই ৰাজনীতিক আৰ এছ এছ আৰু বিজেপিয়ে চাৰিওফালে বিয়পাই দিছে । ঘৃণাৰ বজাৰৰ মাজত আমি প্ৰেমৰ বাৰ্তা লৈ আহিছো । 24 ঘণ্টাই ঘৃণা বিয়পাই থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহক ভয় খুৱাই অসমৰ সকলো সম্পদ নিজৰ কৰি লৈছে । যাৰ বাবে অসমৰ মানুহে পাণ খালে পইচা যায় মুখ্যমন্ত্ৰীলৈ । কাৰণ পাণৰ লগত খোৱা চুপাৰিৰ ব্যৱসায় হিমন্ত বিশ্ব শৰ্মাৰ ।"
অসমৰ মুখ্যমন্ত্ৰীজনক দেশৰ আটাইতকৈ দুৰ্নীতি পৰায়ণ মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৰাহুল গান্ধীয়ে । অসমত এনেদৰে শাসন চলাই থকা মুখ্যমন্ত্ৰীজনৰ দিল্লীত কোনো মূল্য নাই বুলি ৰাহুলে কটাক্ষ কৰে । তেওঁ কয়, " অমিত শ্বাহে যি কয় সেই মতে চলে হিমন্ত বিশ্ব শৰ্মা । কোনোদিনে অমিত শ্বাহৰ বিৰুদ্ধে এটাও শব্দ ক’ব নোৱাৰে । এটা শব্দ ক’লেই লথিয়াই খেদি দিব । গতিকে এনে এজন মুখ্যমন্ত্ৰীৰ মুখত অসমৰ ৰাইজৰ স্বাৰ্থৰ গুৰুত্ব নাই । "