অসম

assam

ETV Bharat / state

অনলাইন ট্ৰেডিং: তন্ন তন্নকৈ তদন্ত কৰিবলৈ আহি পালে চি বি আই

ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা অনলাইন ট্ৰেডিং সম্পৰ্কীয় গোচৰ তদন্তৰ বাবে শুকুৰবাৰে উপস্থিত হয় চি বি আইৰ দল ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Online Trading CBI Probe
ডিব্ৰুগড় সদৰ থানাৰ অনলাইন ট্ৰেডিং সম্পৰ্কীয় গোচৰৰ তদন্তত চি বিআই (ETV Bharat Assam)

ডিব্ৰুগড় : ৰাজ্যত চলি থকা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় আৰক্ষীয়ে কেইবাজনো কোটিটকীয়া প্ৰৱঞ্চকক জে'ললৈ প্ৰেৰণ কৰিছে ।

এই অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাসমূহ নিঃশেষ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰুজু কৰা সকলো গোচৰ ইতিমধ্যে চি বি আইলৈ হস্তান্তৰ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ পাছতে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় চি বি আইৰ দল ৷

ডিব্ৰুগড় সদৰ থানাৰ অনলাইন ট্ৰেডিং সম্পৰ্কীয় গোচৰৰ তদন্তত চি বিআই (ETV Bharat Assam)

ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকনকে ধৰি অন্যান্য ট্ৰেডিং সম্পৰ্কীয় গোচৰৰ তদন্তৰ বাবে উপস্থিত হয় দলটো । সদৰ থানাত গোচৰসমূহৰ বুজ লয় দলটোৱে । কিয়নো ডিব্ৰুগড় সদৰ থানাত আৰক্ষীয়ে নিজাকৈ দুটা গোচৰ ৰুজু কৰি বিশাল ফুকন, অভিনেত্ৰী চুমী বৰা, চুমী বৰাৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাক জে'ললৈ প্ৰেৰণ কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে ৰঞ্জিত কাকতি নামৰ আন এজন প্ৰৱঞ্চকক আৰক্ষীয়ে নিজা গোচৰত আটক কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে । শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত চি বি আইৰ দলটো উপস্থিত হৈ আৰক্ষীৰ গোচৰকেইটা সম্পৰ্কত সংগ্ৰহ কৰা তথ্যসমূহৰ বুজ লয় । লগতে ডিব্ৰুগড় আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰত তদন্ত কৰি জব্দ কৰা বাহনসমূহ পৰীক্ষা কৰে চি বি আইৰ দলটোৱে ।

আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, ডিব্ৰুগড় আদালতত চুমী-বিশালৰ লগতে ৰঞ্জিত কাকতিক জিম্মাত বিচাৰি আবেদন জনোৱাৰ সম্ভাৱনা আছে চি বি আইৰ দলটোৱে ।

কিয় ডিব্ৰুগড় আৰক্ষীয়ে নিজাকৈ অনলাইন ট্ৰেডিঙৰ গোচৰ লৈছিল

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা কৰি ২২ বছৰ বয়সতে কোটিপতি হৈছিল ডিব্ৰুগড়ৰ বিশাল ফুকন । বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল বিশাল ফুকনক । যোৱা ২ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল ।

বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নং গোচৰ পঞ্জীয়ন কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act-ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই প্ৰায় দহ দিন পলাতক হৈ থকাৰ অন্তত আত্মসমৰ্পণ কৰে ।

আনহাতে, চুমী-তাৰ্কিকে আত্মসমৰ্পণ কৰাৰ পূৰ্বে বহিঃৰাজ্যত আৰক্ষীৰ জালত পৰিছিল অম্লান বৰা । বৰ্তমান তিনিওজন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈ আছে ।

ৰঞ্জিত কাকতিক কিয় গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিক ৩ ছেপ্টেম্বৰত ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ২২ বছৰীয়া বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে Trading FX নামৰ অনলাইন মানি ট্ৰেডিং কোম্পানীৰ প্ৰৱঞ্চনাৰ ঘটনাত নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত চলাইছিল ।

ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ৩১৬/৩১৮ সংলগ্ন ২১/২৩ Banning of unregulated deposit scheme act-ৰ জড়িয়তে গোচৰ ৰুজু কৰি ডিব্ৰুগড় আৰক্ষীয়ে ৰঞ্জিত কাকতিক ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ
লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিয়াগোম কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্তৰ ভাৰ চি বি আইক

ABOUT THE AUTHOR

...view details