ডিব্ৰুগড় ৮ এপ্ৰিল: অসমৰ মানুহক আবেগিক কৰি কিছুমানে যে ৰাজনীতি কৰিছে সেই কথা অসমৰ মানুহে এইবাৰ বিজ্ঞানসন্মতভাবে গম পাব ৷ আজি পৰ্যন্ত বৰাকৰ পৰা কেৱল মাত্ৰ ১ জন লোকে কা ৰ জৰিয়তে নাগৰিকত্ব আবেদন কৰিছে । কা বিৰোধী আন্দোলন সন্দৰ্ভত বিৰোধীক কটাক্ষ কৰি সোমবাৰে ডিব্ৰুগড়ত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউত নিৰ্বাচনী প্ৰচাৰ চলায় ৷
চৰাইদেউ জিলাৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত প্ৰচাৰ সভাত অংশগ্ৰহণৰ পাচত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, কা বুলি একোৱেই নাই ৷ কা বলবৎ হোৱা বহু দিনেই হ’ল, কিন্তু আজিৰ তাৰিখত বৰাকৰ পৰা মাত্ৰ এজন লোকে কা ৰ জৰিয়তে নাগৰিকত্ব আবেদন কৰিছে । বিৰোধীয়েতো কৈছিল ট্ৰাকে ট্ৰাকে মানুহ সাজু হৈ আছে আহিবলৈ ৷ কিন্তু কোনোৱেতো এতিয়ালৈ আবেদন কৰা নাই ৷