গোৱালপাৰা, ১৭ জুলাই :গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত অশোক গোৱেল নামৰ ব্যৱসায়ীজনক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাত জড়িত এটা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । চিনেমাৰ কায়দাৰে ব্যৱসায়ীগৰাকীক হত্যা কৰা ঘটনাৰ অন্য়তম অভিযুক্ত জাহিদুল ইছলামক মঙলবাৰে নিশা মৰনৈ থানাৰ অন্তৰ্গত ৪ নং বলদমাৰী চৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
অশোক গোৱেলক গুলীয়াই হত্যা কৰা দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । সোমাবাৰে নিশা ব্যৱসায়ীগৰাকীক পুত্ৰৰ সৈতে ধূপধৰাৰ পৰা গোৱালপাৰা চহৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ দল এটাই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । অশোক গোৱেলৰ হত্যাকাৰী দলটোৰ গাড়ী চালক আছিল জাহিদুল ইছলাম । এই হত্যাকাণ্ডৰ সৈতে জড়িত আছে চাৰিটা অভিযুক্ত ।
আনহাতে, এই ঘটনাৰ মূল তিনি অভিযুক্ত বহিঃৰাজ্যত আত্মগোপন কৰি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । ইতিমধ্যে ধৃত জাহিদুল ইছলামক গোৱালপাৰা সদৰ থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।