অসম

assam

ETV Bharat / state

কাৰ পক্ষত থাকিব ডিফু লোকসভা সমষ্টিৰ জনমত ? - Lok Sabha Polls

Diphu Lok Sabha Constituency : বাজি উঠিছে লোকসভা নিৰ্বাচনৰ ৰণডংকা । টঙালি বান্ধিছে শাসক-বিৰোধীয়ে । পূৰ্বৰ সাংসদৰ কাম-কাজত অসন্তুষ্ট জনতাই ডিফু লোকসভা সমষ্টিত এইবাৰ বিচাৰিছে কি ? তাৰে এক চমু অৱলোকন ।

Brief analysis of Diphu Lok Sabha Constituency
কাৰ পক্ষত থাকিব ডিফু লোকসভা সমষ্টিৰ জনমত

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:25 AM IST

কাৰ পক্ষত থাকিব ডিফু লোকসভা সমষ্টিৰ জনমত

হাফলং, ১০ মাৰ্চ :আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক নেতা কৰ্মীসকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা ৷ ইতিমধ্যে অসমৰ ১১ খন আসনৰ বাবে বিজেপিয়ে ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । সেই অনুসৰি এইবাৰ কাৰ্বি-আংলং, পশ্চিম কাৰ্বি-আংলং আৰু ডিমা হাছাও এই তিনিখন জিলা মিলি একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ বৰ্তমান সাংসদ হৰেন সিং বে'ৰ পৰিৱৰ্তে অমৰছিং টিছ’ক প্ৰাৰ্থী হিচাবে বিজেপিয়ে প্ৰক্ষেপ কৰিছে ।

কিন্তু বিৰোধী দলসমূহে বৰ্তমানেও ডিফু লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই । আনহাতে সমাগত লোকসভা নিৰ্বাচনক লৈ ডিমা হাছাও জিলাৰ ৰাইজৰ মাজতে নাই উৎসাহ । এইবাৰ ডিমা হাছাও জিলাৰ ৰাইজে ভাবিছিল ডিমা হাছাও জিলাৰ পৰা বিজেপি দলে হয়তো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । কিন্তু তাৰ পৰিৱৰ্তে ডিফু লোকসভা সমষ্টিৰ পৰা অমৰছিং টিছ’ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

ইপিনে ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজ বৰ্তমান সাংসদ হৰেনসিং বেৰ যোৱা পাঁচ বছৰৰ কাম কাজ লৈ সন্তুষ্ট নহয় । হাফলঙৰ সাধাৰণ ৰাইজে কেতিয়াও বৰ্তমানৰ সাংসদজনক দেখায়েই নাপালে বুলি উল্লেখ কৰে । ডিমা হাছাও জিলাৰ ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ কথা ক'লে সাধাৰণ ৰাইজে ।

যোৱা পাঁচ বছৰত বৰ্তমান সাংসদজন ৰাইজৰ কাষত উপস্থিত নহ'ল বুলি ক্ষোভ উজাৰে ৰাইজে । ২০২২ চনত ডিমা হাছাওত যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল তেতিয়া সাংসদজনক কাষত পোৱা নাই বুলি ক্ষোভ উজাৰে ৰাইজে ।

উল্লেখ্য যে, এইবাৰ ডিফু লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ বিজেপি বা যি কোনো ৰাজনৈতিক দলৰ পৰা যি সাংসদ নিৰ্বাচিত হ'ব তেওঁ ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে কাম কৰি যাব লাগিব বুলি দাবী জনাই ৰাইজে । পিছে বৰ্তমানো আন কোনো দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰা সমষ্টিটোত নিৰ্বাচনী সমীকৰণ কি হ'ব পাৰে সেয়া বৰ্তমানো পৰিস্ফুত নহয় ।

লগতে পঢ়ক:গৌৰৱ নে প্ৰদ্যুৎ, কোন হ'ব নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী !

ABOUT THE AUTHOR

...view details