কোকৰাঝাৰ,৩ ফেব্ৰুৱাৰী:লাহে লাহে বাজি উঠিছে নিৰ্বাচনী ৰণদুণ্ডুভি । শাসক বিৰোধীয়ে ৰচিছে ৰণকৌশল । বহি থকা নাই হাগ্ৰামা বাহিনী । আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ । কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ জানাগাঁৱত শনিবাৰে বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে এখন বিশাল কৰ্মীসভা । উক্ত বিশাল কৰ্মীসভাত অংশগ্ৰহণ কৰে বিপিএফৰ কোকৰাঝাৰ মহকুমাৰ ছটা ব্লকৰ ২০ সহস্ৰাধিক কৰ্মী-সমৰ্থকে ।
কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰে আৰম্ভ হয় উক্ত অনুষ্ঠান । তদুপৰি বিপিএফ দলক শক্তিশালী কৰা, মংগল কামনা আৰু শান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয় । লোকাৰণ্য কৰ্মী সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উদাত্ত ভাষণ । বিপিফ প্ৰধানগৰাকীয়ে কয় যে, কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলে নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব । অহা মাৰ্চ মাহত বিপিএফ দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে ।
নিজ ভাষণত ইউপিপিএল দলক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰকৃততে ইউপিপিএল দলে একোৱেই কৰিব পৰা নাই । চাকৰি দিয়াৰ যি ক্ষমতা সেয়া দিছপুৰে লৈ গৈছে । বিপিএফে চৰকাৰ গঠন কৰিলে ৪০ টা বিভাগত খালি হোৱা পদত নিযুক্তি প্ৰদান কৰিব আৰু সেয়া জিলাভিত্তিক হ'ব । কোকৰাঝাৰৰ জিলাৰ লৰা-ছোৱালী কোকৰাঝাৰত আৰু চিৰাং জিলাৰ লৰা-ছোৱালীয়ে চিৰাং জিলাত নিযুক্তি লাভ কৰিব ।