শিলচৰ:মণিপুৰৰ জিৰিবামৰ ১০ কুকি যুৱকৰ মৃতদেহক লৈ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমূখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনকি হেলিকপ্টাৰেৰে ১০ কুকি যুৱকৰ মৃতদেহ মণিপুৰলৈ নিয়াৰ সময়তেই আৰক্ষীৰ সৈতে কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ ঠেলা-হেঁচা, হতাহতি পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি অধিক জটিল হোৱাত কাছাৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ।
মাৰ আৰু কুকিক সকীয়ালে আৰক্ষীয়ে
এই পৰিস্থিতিৰ মাজতেই হেলিকপ্টাৰেৰে ১০ কুকি যুবকৰ মৃতদেহ লৈ যোৱা হয় মণিপুৰলৈ । মৃতকৰ পৰিয়ালসহ উপস্থিত মাৰ আৰু কুকি লোকসকলে আৰক্ষীৰ নিৰ্দেশ মানি লোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গৰ পৰা লৈ যোৱা হয় মৃতদেহকেইটা । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৃতদেহকেইটা প্ৰথমে লৈ যোৱা হয় কাছাৰৰ মাছিমপুৰ বি এছ এফ কেম্পলৈ আৰু তাৰ পৰা মণিপুৰ চৰকাৰৰ দুখন হেলিকপ্টাৰেৰে মৃতদেহকেইটা মণিপুৰৰ চূড়াচান্দপুৰলৈ নিয়ে ৷
চৰকাৰৰ দাবী- নিহত ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য