নলবাৰী,৬ জুলাই: সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপি চৰকাৰখনে সৰ্বসাধাৰণ লোকৰ বিকাশ সাধন কৰাৰ দূৰৈৰে কথা স্বয়ং বিজেপি কৰ্মীয়ে ভুগিছে এতিয়া চৰম আৰ্থিক সংকটত । আৰ্থিক সংকটত পৰি দিক্-বিদিক হেৰুৱাই নিজৰ এটা বৃক্ক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰীৰ এগৰাকী বিজেপি কৰ্মীয়ে ৷ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গৃহ সমষ্টিতে সৰ্বহাৰা এগৰাকী নিষ্ঠাবান বিজেপি কৰ্মী ।
নিজৰ অংগ বিক্ৰীৰ সিদ্ধান্ত BJP কৰ্মীৰ (ETV Bharat Assam) বিজেপিৰ উত্তৰ নলবাৰী মণ্ডলৰ এচ.টি. মৰ্চাৰ সম্পাদক নাগেশ্বৰ বসুমতাৰীয়ে লৈছে এই কঠোৰ সিদ্ধান্ত ৷ ১৯৯৮ চনৰ পৰা বিজেপি দলৰ হৈ কাম কৰি অহা নাগেশ্বৰ বসুমতাৰীয়ে নিষ্ঠা সহকাৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি দলটোৰ হৈ কাম কৰি আহিছে ৷ একনিষ্ঠতাৰে দলটোৰ আদৰ্শৰ প্ৰতি সঁহাৰি জনাই এইগৰাকী নাগেশ্বৰ বসুমতাৰীয়ে দীৰ্ঘ বছৰে কৰি গৈছিল দলৰ দায়িত্ব তথা কৰ্ম । দলে যি দায়িত্ব দিয়ে তাকেই সুচাৰুভাৱে পালন কৰি গৈছিল নাগেশ্বৰ বসুমতাৰীয়ে ।
এইগৰাকী পুৰণি দলীয় নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী মহিনা গাঁৱৰ দলীয় কৰ্মীয়ে বিজেপিয়ে চৰকাৰ দখল কৰাৰ পিচত আশাৰ ৰেঙণি দেখিছিল যদিও দলটোৰ একাংশ মধ্যভোগী দালালৰ বাবে কোনো সুবিধা লাভ নকৰাৰ ফলত খেতি-মাটি বিক্ৰী কৰি দলৰ কাম-কাজ চলাই আহিছিল বুলি উল্লেখ কৰে ৷ তাৰোপৰি দলৰ নামত লাগি থাকোতেই মহিলা গোটকে ধৰি বিভিন্ন সঞ্চয়ৰ পৰা কেবা লাখ টকাৰ ঋণ ল’বলগীয়া হয় বুলি অৱগত কৰে ৷
এই ঋণ পৰিশোধ কৰাৰ বাবে নাগেশ্বৰ বসুমতাৰীয়ে ঘৰৰ ভেটি বিক্ৰী কৰিবলৈ মনস্থ কৰে যদিও ভেটি মাটি কোনো লোকে ক্ৰয় কৰিবলৈ ইচ্ছুক নোহোৱাত বিবুদ্ধিত পৰে নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ এচ.টি. মৰ্চাৰ সম্পাদকগৰাকী ৷ উপায়ন্তৰ হৈ নিজ দেহৰ এটি বৃক্ক বিক্ৰী কৰি ঋণৰ পৰা মুক্তি লাভ কৰাৰ লগতে কিবা সৰু ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে নাগেশ্বৰ বসুমতাৰীয়ে । নাগেশ্বৰ বসুমতাৰীৰ এনে কঠোৰ সিদ্ধান্তক তেখেতৰ সহধৰ্মিনীয়েও বাধা কৰিছে যদিও সন্মুখত ঋণৰ বোজাই দিশহাৰা কৰিছে এইগৰাকী বিজেপি দলৰ কৰ্মীক ।
উল্লেখযোগ্য যে বিজেপিৰ এচ টি মৰ্চাৰ এইগৰাকী সম্পাদক নাগেশ্বৰ বসুমতাৰীৰ ঘৰৰ অৱস্থা তথৈবচ । ফুটা টিনৰ তলত দুৰ্বিষহভাৱে অতিবাহিত কৰিছে সময় । লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা, একপ্ৰকাৰ দলৰ বিষয়বাবত থকাৰ পিচতো উত্তৰ নলবাৰী মণ্ডলৰ কেইবাগৰাকীও বিজেপি নেতাৰ বাবে একপ্ৰকাৰ এলাগী হৈ পৰিছে বুলি অভিযোগ কৰে নাগেশ্বৰ বসুমতাৰীয়ে । কেৱল ইমানেই নহয়, নাগেশ্বৰ বসুমতাৰীয়ে বিজেপি কৰ্মীৰ উপৰিও এগৰাকী সফল ব্যৱসায়ী আছিল । পিচত দলৰ নামত সময় উচৰ্গা কৰোতে ব্যৱসায়ৰ প্ৰতিও আহি পৰে ভাবুকি ।
নাগেশ্বৰ বসুমতাৰীয়ে বিজেপি দলৰ হৈ কাম কৰা বাবে বিৰোধী অথবা অৰাজনৈতিক লোকসকলে নাগেশ্বৰৰ পৰা কাঠ ক্ৰয় নকৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । যাৰ ফলত কাঠৰ ব্যৱসায়ো এতিয়া মৃত্যুমুখত । দিশহাৰা হৈ এইগৰাকী কৰ্মীয়ে নিজৰ বৃক্ক বিক্ৰী কৰি ঋণৰ পৰা মুক্ত হোৱাৰ কঠোৰ পদক্ষেপ লবলৈ সাজু হৈছে । উল্লেখযোগ্য যে নাগেশ্বৰ বসুমতাৰীৰ পত্নীসহ আছে দুই সন্তান ।