যোৰহাট :যোৱা কিছু সময় ধৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে দলৰ পুৰণি নেতা-কৰ্মীসকলক সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে । যিয়ে বিজেপিৰ ন-পুৰণি নেতাৰ সংঘাতৰ বিষয়টো উত্থাপন হৈছিল । ৰাজেন গোঁহাইয়ে নিজেও দলৰ প্ৰতি অসন্তুষ্টিৰ কথা কৈ আহিছে । তাৰ মাজতে ৰাজেন গোঁহাইয়ে দলৰ পৰা নিলম্বিত এগৰাকী নেতা তথা প্ৰাক্তন সতীৰ্থক সাক্ষাৎ কৰে । দেওবাৰে যোৰহাটৰ মালৌআলিত থকা প্ৰাক্তন বিজেপি কৰ্মী মনোজ কুমাৰ মহন্তৰ বাসগৃহত উপস্থিত হয় ৰাজেন গোহাঁই । দুয়োগৰাকী নেতাই দলৰ ভৱিষ্যৎ সম্পৰ্কে বিভিন্ন বিষয়ত আলোচনা কৰে । এই আলোচনাত পুৰণি কেইবাগৰাকী বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
বিধানসভাত পৰিয়ালকেন্দ্ৰিক বিতৰ্ক
বিধানসভা অধিৱেশনত পৰিয়ালকেন্দ্ৰিক বিৰ্তক সন্দৰ্ভত ৰাজেন গোহাঁইয়ে কয়,"উক্ত বিষয়ত সোমাই আৰু এটা বিভাজন সৃষ্টি কৰিব বিচৰা নাই, যি সকলে উক্ত বিবাদৰ সূচনা কৰিছে তেওঁলোকে এই বিবাদ মীমাংসা কৰিব লাগিব । এনেকুৱা ধৰণৰ কথা মই ভাল নাপাওঁ ।"
ৰকিবুল হুছেইনক আক্ৰমণ
আনহাতে দিনদুপৰতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "জনপ্ৰতিনিধিক আক্ৰমণৰ ঘটনা দেখিবলৈও বেয়া আৰু শুনিবলৈ বেয়া । জনপ্ৰতিনিধি সদায় জনপ্ৰতিনিধিয়ে আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ । এনেকৈ ৰাজপথত মুকলিকৈ আক্ৰমণ তথা প্ৰহাৰ কৰাটো নিন্দনীয়, এনেকুৱা কথাবোৰ বেয়া লাগে । এনেকুৱা ধৰণৰ ঘটনা মোৰ ক্ষেত্ৰতো হ'ব পাৰে, এই কথাবোৰে মনটোক বেয়া কৰে ।"