অসম

assam

ETV Bharat / state

মন্ত্ৰী আৱাসৰ লাউঞ্জত মিটিং কৰিবলৈ আগৰে পৰাই বহি থাকে ভুৱা এ চি এছ বিষয়া - Assam BJP - ASSAM BJP

Allegation against BJP leader : দুর্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতিক ফুটুকাৰ ফেনলৈ পৰিণত কৰিছে খোদ বিজেপি নেতাই । বিজেপিৰ বৰঘৰতে দালাল-প্ৰৱঞ্চকৰ ভিৰ ৷ ভুৱা বৰ্ক অৰ্ডাৰৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ ৷

Allegation against BJP leader
বিজেপিৰ বৰঘৰতে দালাল-প্ৰৱঞ্চকৰ ভিৰ ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 7:25 PM IST

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ :দুর্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনতে এই নীতি ফুটুকাৰ ফেনলৈ পৰিণত কৰিছে খোদ বিজেপি নেতাই । বিজেপিৰ বৰঘৰতে দালাল-প্ৰৱঞ্চকৰ ভিৰ বৃদ্ধি পাবলৈ ধৰিছে ।

বাজপেয়ী ভৱনত বাহৰ পাতি নিবনুৱাৰ পৰা চাকৰিৰ নামত লাখ লাখ টকা সৰকোৱা অনুৰাগ চলিহা নামৰ বিজেপি নেতাজনৰ কু-কাণ্ডৰ পৰিণতিতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ ভুৱা বৰ্ক অৰ্ডাৰৰ জৰিয়তে বিজেপি নেতাই বহিঃৰাজ্যৰ ব্যৱসায়ী ঠিকাদাৰৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে ।

গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল (ETV Bharat Assam)

প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে দিছপুৰ থানাত ১৮২/২৪ আৰু অপৰাধ শাখাত ১৩/২৪ দুটা গোচৰ ৰুজু হৈ আছে । ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী ওৰফে বি. এন. শৰ্মা, নিৰঞ্জন দাস । কেন্দ্ৰীয় কাৰাগাৰত থকা দেৱ প্ৰকাশ ভাগৱতীকো আৰক্ষীয়ে জিন্মাত ল'ব । বিজেপি নেতা গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু সমগ্ৰ প্ৰৱঞ্চনাৰ কাহিনী বিৱৰি ক’লে গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই ।

প্ৰৱঞ্চক চক্ৰটোৱে কিদৰে জালত পেলায় বহিঃৰাজ্যৰ ব্যৱসায়ীক ?

দেউৰী স্বায়ত্ত পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, মটক স্বায়ত্ত শাসিত পৰিষদ , অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নামত বিভিন্ন সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা আত্মসাৎ কৰিছিল বিজেপি প্ৰৱঞ্চক চক্ৰটোৱে । চক্ৰটোৱে প্ৰথমে ভুৱা টেণ্ডাৰ নথি-পত্ৰ, ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই লয় । তাৰ পিছত তেওঁলোকৰ এজেন্টৰ জৰিয়তে বাহিৰৰ ব্যৱসায়ীৰ লগত যোগাযোগ কৰে । ব্যৱসায়ীসকলক অসমত অশান্ত পৰিৱেশ বুলি ভয় খুৱাই গুৱাহাটীলৈ নহাকৈ চুক্তি কৰে । নাইবা আহিলে এখন নাটক ৰচনা কৰে ।

এই চক্ৰটোৱে খোদ দিছপুৰৰ মন্ত্ৰীৰ আৱাসৰ লগতে জনতা ভৱনত কনফাৰেন্সযোগে ভুৱা এ চি এছ বিষয়া আৰু মন্ত্ৰীৰ ভুৱা পি এৰ লগত ভুক্তভোগী ব্যৱসায়ীসকলক ভুৱা মিটিং কৰোৱাই ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল । বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি অসীম দাস আৰু প্ৰৱঞ্চকটোৰ সহযোগী ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয় অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীৰ লগতে নিৰঞ্জন দাস নামৰ এজন দালালকো গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ।

ব্যৱসায়ীসকলক অসীম দাসে মন্ত্ৰী আৱাসৰ লাউঞ্জলৈ লৈ যায়, তাৰ আগতে গৈ বহি থাকে বিৰিঞ্চি বৰকটকী । বৰকটকীয়ে নিজকে অসম চৰকাৰৰ যুটীয়া সচিব বি এন শৰ্মা বুলি চিনাকি দি মিটিং কৰে । আকৌ ব্যৱসায়ীসকলক অসম সচিবালয়ৰ ভিতৰলৈ লৈ যায় ৷ ভিতৰলৈ যোৱাৰ বাবে নিৰঞ্জন দাসে প্ৰৱেশপত্ৰ যোগাৰ কৰি দিয়ে । ভিতৰলৈ গৈ মন্ত্ৰীৰ কনফাৰেঞ্চ হলত গৈ মিটিং কৰে ।

নয়ডাৰ ছানী ব্ৰেজা আৰু তেওঁৰ ককায়েকক এইদৰে লৈ আহি প্ৰৱঞ্চনাৰ জালত পেলাইছিল চক্ৰটোৱে । ২৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰিছিল প্ৰৱঞ্চক চক্ৰটোৱে । চক্ৰটোক প্ৰথমে ৪ কোটি ৭৫ হাজাৰখন বিচনাৰ চাদৰ আৰু গাৰুৰ ক’ভাৰৰ ঠিকা দিছিল । নয়ডাৰ পৰা অহা বস্তুখিনি গুৱাহাটীত এজন বিশেষ ব্যক্তিয়ে ৰিচিভ কৰে । তাৰ পিছতে চাংসাৰীৰ এটা গুডামত ৰাখে, তাৰ পৰা মুকলি বজাৰত বিক্ৰী কৰি দিয়ে সামগ্ৰীখিনি । প্ৰৱঞ্চকৰ দলটোৱে ৮৫ লাখ চিকিউৰিটি মানি লৈছিল প্ৰতিষ্ঠানটোৰ পৰা । অসীম দাসৰ ভাতৃৰ ফাৰ্ম হাউচৰ একাউণ্টত লৈছিল সেই টকা ।

আনহাতে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগান ধৰাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ জাৰি কৰি বাংগালোৰস্থিত মানফো এক্সপোৰ্টছ নামৰ এটা কোম্পানীক প্ৰৱঞ্চনা কৰিছিল আৰু মানফো এক্সপোৰ্টছৰ পৰা ৩.৭৭ কোটি টকা প্ৰৱঞ্চনাৰে লুটিছিল ।

লগতে পঢ়ক :দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা, শীঘ্ৰে অনা হ’ব অসমলৈ

নিযুক্তিৰ নামত প্ৰৱঞ্চনা, ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ক্ৰীড়া বিভাগৰ কৰ্মচাৰী

মৃতকৰ নামত ধন সংগ্ৰহ কৰি জালত পৰিল যুৱক

ABOUT THE AUTHOR

...view details