গুৱাহাটী :দেশে-বিদেশে জোৰদাৰভাৱে চলিছে এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ অভিযান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশতো বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম-২.০ৰ বাবে আমন্ত্ৰণ কৰিছে । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলন । এই বিয়াগোম সন্মিলনৰ বাবে সাজু হৈছে অসম চৰকাৰ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া এই বৃহৎ অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰ, বাণিজ্য প্ৰতিনিধি আৰু ভাৰতৰ তথা বিদেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতিসকলক আতিথ্য জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলি আছে । আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এডভাণ্টেজ আছাম ২.০ৰ ভূমি পূজন পৰ্ব সম্পন্ন কৰা হয় ।
ভূমি পূজনেৰে খানাপাৰাত এডভান্টেজ অসম ২.০ৰ আৰম্ভণি (ETV Bharat) মন্ত্ৰী বিমল বড়াই ভূমি পূজনৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত মুখ্য সচিব ড৹ ৰবি কোটাৰ লগতে কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । এডভাণ্টেজ আছামৰ জৰিয়তে অসমৰ অর্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰি ৰাজ্যৰ উদ্যমী যুৱ সমাজৰ বাবে নতুন পথ প্ৰশস্ত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই । তেওঁ কয় যে এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমৰ সামগ্ৰিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা হ'ব ।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বড়াই কয়, "আজি অসমৰ বাবে এটা সুন্দৰ পুৱা । অনাগত দিনত অসমৰ উন্নয়ন অধিক তৰাম্বিত কৰাৰ বাবে আৰু এটা খোজ দিলো । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আসাম ২.০ । এই সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, উদ্যোগপতিয়ে অংশ গ্ৰহণ কৰিব । আনহাতে বিভিন্ন দেশৰ বহু কোম্পানী তথা উদ্যোগপতিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰিব । আমি ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, ভূটান আদি ইউৰোপীয় দেশক কাণ্ট্ৰি পাৰ্টনাৰ হিচাপে সহযোগিতা পাইছো । সন্মিলনত প্ৰায় তিনিশ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব । সন্মিলনত ১৬ টা ছেচন হ'ব আৰু এখন প্ৰদৰ্শনী হ'ব ।"
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বিমল বড়াই কয়, "কংগ্ৰেছৰ শাসনৰ সময়ত কি পৰিৱেশ আছিল, সেয়া অসমৰ ৰাইজে জানে । কংগ্ৰেছে এতিয়া যি মন যায় তাকে ক'ব । অসমৰ বাবে মুখ্যমন্ত্ৰী আৰু বেলেগ দেশত যাব । আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাব । তাত কংগ্ৰেছে আপত্তি কৰিছে । কংগ্ৰেছৰ মতে অসমৰ যুৱক-যুৱতীয়ে ছেমি কণ্ডাক্টৰৰ বিষয়ে জানিব নালাগে । আমাৰ চৰকাৰৰ দিনত নতুন নতুন চিন্তাৰ উদ্ভাৱন হ’ব ।’’
বড়াই কয়, ‘‘কংগ্ৰেছৰ দিনত ৮৫৫ জন শ্বহীদ হ’ল । বহু যুৱক-যুৱতী বিপথগামী হ’ল । কংগ্ৰেছৰ দিনত ধনৰ বিনিময়ত চাকৰিৰ লেনদেন কৰা দিনৰ কথা আমি ক’ব নালাগে । জাতীয়তাবাদ আমি বাণিজ্য ক্ষেত্ৰৰ মাজেৰে কৰিম । ১০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰি ২০০ নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যি বিনিয়োগ কৰিব তেওঁলোকক কাষ্টমাইজ পলিচিৰ মাজত ৰখা হ’ব । ৫০ হাজাৰ কোটি টকা কাষ্টমাইজ পলিচিত চুক্তি স্বাক্ষৰ কৰা হৈছে ।"
নতুন প্ৰজন্মক বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছৰ প্ৰতি আহ্বান জনাই মন্ত্ৰী বিমল বড়াই কয়, "কংগ্ৰেছে ৮৫৫ জন শ্বহীদৰ আত্মা মুক্তিৰ বাবে কিবা কৰিব পাৰি নেকি তাক চিন্তা কৰক । যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান যে বাহিৰৰ বিনিয়োগকাৰী অসমত ভাল পৰিৱেশ থাকিলেহে বিনিয়োগ কৰিবলৈ আহিব ।"