নগাঁও,৫ জুলাই :ৰাজ্য় চৰকাৰে গো-মাংস ব্য়ৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও একাংশ অসাধু বেপাৰীয়ে চোৰাংভাৱে চলাই আছে এই বেহা । ইয়াৰ মাজতেইহোজাই জিলাৰ ডবকাত শুক্ৰবাৰে পুৱাই সংঘটিত হয় আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ গুলীত এজন গো-মাংস ব্যৱসায়ী আহত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় হোজাই জিলাত । হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই সংবাদ মাধ্যমক উল্লেখ কৰা অনুসৰি শুক্ৰবাৰে পুৱাই ডবকাৰ যমুনামুখত জাকিৰ হুছেইনৰ ঘৰৰ সমীপত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে তালাচী চলাব বিচাৰোতেই গো-মাংস ব্যৱসায়ী জাকিৰ হুছেইনে আৰক্ষীক আক্ৰমণ চলায় । লগে লগে আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে ।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে গো-মাংস ব্যৱসায়ীটোৰ আক্ৰমণত এগৰাকী আৰক্ষী বিষয়া আহত হোৱাৰ উপৰি আৰক্ষীৰ গুলীত আহত হয় জাকিৰ হুছেইন । গো-মাংস ব্যৱসায়ীৰ আক্ৰমণত আহত হয় আৰক্ষীৰ উপ-পৰিদৰ্শক অচুৰ পেগু ৷ এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাচতেই ডবকা, যমুনাখ আদি অঞ্চলত গো-মাংস ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈ পৰে হোজাই আৰক্ষী ।
লগতে পঢ়ক:গো মাংস কাটি থাকোতেই ধৰা পেলালে আৰক্ষীয়ে : দুজনৰ পলায়ন