অসম

assam

মাইনাও ব্ৰহ্মক বিচাৰি পালে আৰক্ষীয়ে: এতিয়াও পলাতক তেওঁক সহযোগ কৰা অভিযুক্ত দীপাংকৰ - online trading fraud

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 1:50 PM IST

Baksa Online Trading Scam: বাক্সাৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত মাইনাও ব্ৰহ্মক বাক্সা আৰক্ষীয়ে বৰঝাৰ আৰক্ষীৰ সহযোগত গুৱাহাটী বিমানবন্দৰৰ পৰা আটক কৰি বুধবাৰে নিশাতেই মুছলপুৰ সদৰ থানালৈ লৈ আহে । লগতে জব্দ কৰে তেওঁৰ স্ক’ৰপিঅ’ বাহনখনো । কিন্তু এতিয়াও পলাতক হৈ আছে তেওঁৰ অন্যতম সহযোগী তথা বেংক বিষয়া দীপাংকৰ ভট্ট ।

Baksa Trading Scam
বাক্সাৰ ট্ৰেডিং কেলেংকাৰী; মাইনাও ব্ৰহ্ম আৰক্ষীৰ জিম্মাত (ETV Bharat Assam)

বাক্সা, ১২ ছেপ্টেম্বৰ : বাক্সা জিলাৰ মুছলপুৰত ১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মক বাক্সা আৰক্ষীয়ে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বৰঝাৰ আৰক্ষীৰ সহযোগত যোৱা নিশা আটক কৰে ৷ বৰ্তমান মুছলপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে মাইনাও ব্ৰহ্মৰ বাসগৃহ প্ৰশাসনে ছীল কৰিছে ৷ তাৰ উপৰিও মাইনাও ব্ৰহ্মই ব্যৱহাৰ কৰা AS-28-B2828 নম্বৰৰ স্ক’ৰপিঅ’ গাড়ীখন জব্দ কৰে আৰক্ষীয়ে ৷

বাক্সাৰ ট্ৰেডিং কেলেংকাৰী; মাইনাও ব্ৰহ্ম আৰক্ষীৰ জিম্মাত (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে জনাইছে, "মাইনাও ব্ৰহ্ম আৰু তেওঁৰ স্বামী সমীন স্বৰ্গীয়াৰীয়ে গৈ ব্যৱসায়ৰ নামত লাভাংশ দিম বুলি দলিলত চহী কৰি ধন আনিছিল ৷ যিহেতু দলিলত চহী কৰি টকা দিয়া হৈছে সেয়েহে জমাধন ঘূৰাই দিবলৈ চৰকাৰক দাবী জনাইছোঁ ৷"

আনহাতে, কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ব্যৱসায়িক সহযোগী তথা বেংক কৰ্মচাৰী দীপাংকৰ ভট্টক আৰক্ষীয়ে বিচাৰি আছে ৷ উল্লেখ্য যে বিগত সাত-আঠ বছৰ ধৰি মুছলপুৰৰ মাইনাও ব্ৰহ্ম নামৰ প্ৰৱঞ্চনাত অভিযুক্ত মহিলাগৰাকীয়ে ট্ৰেডিং ব্যৱসায়ৰ যোগেদি ৮ হাজাৰৰো অধিক লোকক নিজৰ জমাধন চাৰিগুণ দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল ৷

এই ধন সংগ্ৰহত মাইনাওক প্ৰত্যক্ষভাৱে সহায় কৰাৰ অভিযোগ উঠিছিল আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ বেংক কৰ্মচাৰী দীপাংকৰ ভট্টৰ বিৰুদ্ধে ৷ জানিব পৰামতে, অবৈধভাৱে ধন ঘটাৰ লালসাত বন্দী বেংক কৰ্মচাৰী দীপাংকৰে অভিযুক্ত মাইনাও ব্ৰহ্মৰ সৈতে মিলি লুণ্ঠনৰ সমস্ত ধনৰ বেংকৰ কাম-কাজসমূহ তদাৰক কৰিছিল ৷ কিন্তু শেহতীয়াভাৱে মাইনাও ব্ৰহ্মৰ ওচৰত ধন বিনিয়োগকাৰীৰ একাংশই জমাধন ঘূৰাই নোপোৱাত মাইনাওৰ বিৰুদ্ধে মুছলপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিচতে অভিযুক্ত মাইনাওৰ লগতে মুছলপুৰৰ এই অবৈধ ট্ৰেডিং কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড তথা বেংক কৰ্মচাৰী দীপাংকৰ ভট্টও অন্তৰ্ধান হৈছিল ৷

এই সন্দৰ্ভত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মুছলপুৰস্থিত আই চি আই চি আই বেংকৰ শাখাত দীপাংকৰৰ সমস্ত তথ্য পৰীক্ষা কৰে ৷ সমান্তৰালভাৱে আৰক্ষীৰ দলটোৱে দীপাংকৰ ভট্টৰ নলবাৰী জিলাৰ টিহুৰ ভোজকুছিস্থিত বাসগৃহতো টিহু আৰক্ষীৰ সহযোগত অভিযান চলাই এখন বিলাসী ফৰ্চুনাৰ বাহন জব্দ কৰে ৷

উল্লেখ্য যে দীপাংকৰ ভট্টই আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাত প্ৰথমাৱস্থাত এগৰাকী ফিল্ড এক্সিকিউটিভ হিচাপে যোগদান কৰিছিল যদিও মাইনাও ব্ৰহ্মৰ সৈতে মিলি ট্রেডিং ব্যৱসায়ত সোমোৱাৰ পিচতে সোঁৱে-বাওঁৱে ধন আহৰণ কৰি অতি কম দিনৰ দিনৰ ভিতৰতে নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল ৷

শেহতীয়াভাৱে দীপাংকৰ ভট্টই মুছলপুৰৰ পৰা বেংকৰ আন এটা শাখালৈ উপ প্ৰবন্ধক হিচাপে পদোন্নতি লাভ কৰি বদলি হৈছিল যদিও সেই চাকৰিৰ পৰা ইস্তাফা দিয়ে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম - Online trading scam
লগতে পঢ়ক :এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

ABOUT THE AUTHOR

...view details